ডিমা হাছাও, 30 অক্টোবৰ : অসমৰ পৰ্যটন ক্ষেত্ৰসমূহৰ ভিতৰত অন্যতম হৈছে উমৰাংচু (Tourist spot Umrangsu) । উমৰাচুৰ প্ৰাকৃতিক সৌন্দৰ্যই হাত বাউলি মাতে দেশী-বিদেশী পৰ্যটকসকলক । পাহাৰৰ মনোমোহা শোভা আৰু পৰিভ্ৰমী চৰাইৰ সমাহাৰে উমৰাচুক এক অনন্য মাত্ৰা প্ৰদান কৰি আহিছে । যাৰ বাবে মনৰ প্ৰশান্তি বিচাৰি উমৰাংচুলৈ ঢপলিয়াই আহে পৰ্যটকসকল (best tourist spot of Assam Umrangsu) ।
অক্টোবৰ মাহৰ শেষৰ পৰাই অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওৰ উদ্যোগ নগৰী হিচাবে পৰিচিত উমৰাংচুলৈ পৰিভ্ৰমী অমুৰ ফেলকন পক্ষীৰ আগমন আৰম্ভ হৈছে (Umrangsu of Dima Hasao) । বৰ্তমান উমৰাংচুৰ চাৰিওফালে পৰিভ্ৰমী অমুৰ ফেলকন (Amur Falcon birds) পক্ষীৰ কলৰৱ ।
শনিবাৰে এই পৰিভ্ৰমী পক্ষীকুলক আদৰণি জনোৱাৰ বাবে ডিমা হাছাও জিলাৰ বন বিভাগ আৰু উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদে তুংবুং গাঁৱত এক অনুষ্ঠানৰ আয়োজন কৰে (migration of Amur Falcon birds to Umrangsu) । উক্ত অনুষ্ঠানত উপস্থিত থাকে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচা, পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ অধ্যক্ষ ৰাণু লাংথাচা, পৰিষদৰ সদস্য জয়ছিং দুৰোং আৰু বন বিভাগৰ শীৰ্ষ বিষয়াসকল ।