ডিমা হাছাও, 11 আগষ্ট :ক'ভিড-19 ৰ সন্ত্ৰাস অব্যাহত থকাৰ মাজতে মঙলবাৰে ডিমা হাছাও জিলাৰ উমৰাংচো পাণিমুৰত অবৈধ শিল খনন বন্ধ কৰাৰ দাবীত সৰৱ হৈ উঠিছে ডিমাচা ষ্টুডেন্টস ইউনিয়ন, সদৌ ডিমাচা ছাত্ৰ সংন্থা, ডিমাচা মাদাৰচ এছ'চিয়েচন নামৰ সংগঠন কেইটা । ডিমাচা জনগোষ্ঠীৰ তীৰ্থস্থান হিচাপে পৰিচিত উমৰাংচো পাণিমুৰ জলপ্ৰপাতৰ ওচৰত অবৈধ শিল খনন বন্ধ কৰাৰ দাবীত উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লচাক সাক্ষাৎ কৰি মঙলবাৰে এখন যৌথ স্মাৰকপত্ৰ প্ৰদান কৰে ডিমাচা ষ্টুডেন্স ইউনিয়ন, সদৌ ডিমাচা ছাত্ৰ সংস্থা আৰু ডিমাচা মাদাৰচ এছ'চিয়েচনৰ সদস্য সকলে ।
আনহাতে, ডিমাচা ষ্টুডেন্টস এছ'চিয়েচনৰ সাধাৰণ সম্পাদক প্ৰমিত চেংয়ুংয়ে এখন সংবাদমেল সম্বোধন কৰি কয় যে, পাণিমুৰ হৈছে ডিমাচা জনগোষ্ঠীৰ এখন তীৰ্থস্থান আৰু এই পাণিমুৰত আৰম্ভ হোৱা অবৈধ শিল খননৰ লগত জড়িত সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ দাবী জনাইছো সংগঠনটোৱে । ইফালে, সংবাদমেলত প্ৰমিত চেংয়ুংয়ে সিইএম দেৱলাল গাৰ্লচায় ছাত্ৰ সংগঠনৰ প্ৰতিনিধি সকলক আশ্বস্ত কৰি কয় যে, পাণিমুৰত অবৈধ শিল খননৰ কাম বন্ধ কৰি দিয়া হৈছে । লগতে, ভৱিষ্যততে ডিমা হাছাও জিলাৰ প্ৰাকৃতিক সম্পদ ৰক্ষাৰ ক্ষেত্ৰত চৰকাৰে চিন্তা চৰ্চ্চা কৰিব বুলিও উল্লেখ কৰে ।