ডিমা হাছাও 8 জুলাই: ভূমিস্খলনৰ ফলত ধ্বংসস্তুপত পৰিণত হৈছিল উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ সুন্দৰ ৰে’ল ষ্টেচন হিচাবে পৰিগণিত নিউ হাফলং ৰে'লৱে ষ্টেচন(Dima Hasao Train Station)৷ প্ৰৱল বৰষুণৰ ফলত পাহাৰৰ পৰা বৈ অহা পানীৰ ঢল আৰু ভূমিস্খলনে তচনচ কৰি পেলায় পাহাৰীয়া জিলাখনৰ যোগাযোগ আৰু যাতায়ত ব্যৱস্থা ৷ তেতিয়াৰে পৰা বন্ধ হৈ আছিল ৰে’লসেৱাও ৷
লামডিং-শিলচৰ ব্ৰডগজ ৰে’লপথৰ 85 কিলোমিটাৰ অংশৰ লগতে 60টা স্থানত হোৱা ভূমিস্খলনৰ ফলত পাহাৰীয়া জিলাখনক সংযোগ কৰা ৰে’লপথটো সম্পূৰ্ণৰূপে বিধস্ত হৈ পৰে (Railway line was completely damaged due to landslides) ৷ বৃহৎ ক্ষতিৰ ফলত এই ৰে’লপথচোৱাৰে যোৱা 14 মে'ৰ পৰা ৰে’ল চলাচল বন্ধ হৈ পৰাত দেশৰ অন্যান্য অংশৰ সৈতে বৰাক উপত্যকাৰ তিনিখন জিলাৰ লগতে মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ ৰে’ল সংযোগ বিছিন্ন হৈ পৰে ।
বিগত 30 জুনৰ পৰা শিলচৰ-নিউ হাফলং আৰু গুৱাহাটী-লামডিঙৰ মাজত দুখন বিশেষ যাত্ৰীবাহী ৰে‘ল চলাচল কৰিছে ৷ ইতিমধ্যে শিলচৰ-নিউ হাফলঙৰ মাজত চলাচলকাৰী ৰে’লখনৰ যাত্ৰা 14 জুলাইলৈকে শিলচৰৰ পৰা ফাইডিঙলৈ যাত্ৰা সম্প্ৰসাৰণ কৰা হৈছে । কিন্তু বৰ্তমান লাংটিঙৰ পৰা ফাইডিঙলৈকে ৰে’ল সেৱা বন্ধ হৈ আছে ।
ইফালে, লামডিং-শিলচৰ ব্ৰডগজ ৰে'লপথৰ দাওটুহাজা আৰু মপাৰৰ সমীপৰ বয়লা দলঙৰ ওপৰত শুকুৰবাৰে পৰীক্ষামূলকভাবে চলিল লাইট ৰে'ল ইঞ্জিন ৷ 12 জুলাইৰ পৰা এই অংশত মালবাহী ৰে'লগাড়ী পৰীক্ষামূলকভাৱে চলাৰ সম্ভাৱনা আছে বুলি উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে(Lumding-Silchar train service set to start soon) ।