ডিমা হাছাও,22 জুলাই: আজি পুৱা প্ৰায় 7 বাজি 20 মিনিটত শিলচৰৰ পৰা গুৱাহাটীলৈ যাত্ৰা কৰিছে শিলচৰ-গুৱাহাটী এক্সপ্ৰেছ ৰেল গাড়ীখন । আজি নিশা 11 বাজি 55 মিনিটত গুৱাহাটীৰ পৰা শিলচৰ অভিমুখে যাত্ৰা কৰিব গুৱাহাটী-শিলচৰ এক্সপ্ৰেছ ৰেলগাড়ীখন । অন্যহাতে শিয়ালদহ-আগৰতলা কাঞ্চনজঙ্ঘা এক্সপ্ৰেছ ৰেলগাড়ীখন আজি পুৱা শিয়ালদাহৰ পৰা আগৰতলা অভিমুখে যাত্ৰা কৰে । কাইলৈ আগৰতলা-শিয়ালদহ কাঞ্চনজঙ্ঘা এক্সপ্ৰেছ ৰেলগাড়ীখন আগৰতলাৰ পৰা শিয়ালদহ অভিমুখে যাত্ৰা কৰিব । লগতে পুৱা শিয়ালদহ-শিলচৰ কাঞ্চনজঙ্ঘা এক্সপ্ৰেছ ৰেলগাড়ীখন শিয়ালদহৰ পৰা শিলচৰ অভিমুখে যাত্ৰা কৰিব ।
24 জুলাইত কয়ম্বটোৰ-শিলচৰ এক্সপ্ৰেছ ৰেলগাড়ীখন কয়ম্বটোৰৰ পৰা শিলচৰ অভিমুখে যাত্ৰা কৰিব । 25 জুলাইত শিলচৰ-শিয়ালদহ কাঞ্চনজঙ্ঘা এক্সপ্ৰেছ ৰেলগাড়ীখন শিলচৰৰ পৰা শিয়ালদহ অভিমুখে যাত্ৰা কৰিব । অহা 30 জুলাইৰ পৰা গুৱাহাটী-বদৰপুৰ-গুৱাহাটীৰ মাজত চলাচল কৰা ভিষ্টাড'ম ৰেলগাড়ীখন পুনৰ আৰম্ভ হব বুলি জানিবলৈ দিয়ে উত্তৰ-পূৱ সীমান্ত ৰেল কৰ্তৃপক্ষই ।