ডিমা হাছাও,17 এপ্ৰিল: হাফলং চহৰৰ একাংশ জনতাই লক ডাউন অমান্য কৰি এতিয়াও ঘূৰি আছে ৰাজপথত ৷ আৰক্ষী-প্ৰশাসনৰ বিনা অনুমতিত ব্যক্তিগত বাহনেৰে অহা-যোৱা কৰি আছে এই অসচেতন লোকসকলে ৷ বজাৰ আৰু দোকান-পোহাৰসমূহতো এই লোকসকলে সামাজিক দুৰত্ব বজাই নাৰাখি চলাচল অব্যাহত ৰাখিছে ৷
হাফলঙত লক ডাউন অমান্য একাংশৰ - হাফলঙত লক ডাউন অমান্য
লক ডাউনক লৈ যেন গা লৰা নাই হাফলঙৰ একাংশ মানুহৰ। ৰাজপথত আৰক্ষীৰ অনুমতি অবিহনে ব্যক্তিগত যান বাহন লৈ বিনা কামত ঘূৰি ফুৰিছে একাংশ অসচেতন লোকে । তাৰোপৰি বজাৰত খাদ্য সামগ্ৰী ক্ৰয় কৰাৰ সময়তো সামাজিক দুৰত্ব ৰখা নাই এইসকল লোকে ৷
![হাফলঙত লক ডাউন অমান্য একাংশৰ হাফলঙত লক ডাউন অমান্য একাংশৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6829829-thumbnail-3x2-h.jpg)
হাফলঙত লক ডাউন অমান্য একাংশৰ
হাফলঙত লক ডাউন অমান্য একাংশৰ
ইফালে,কোভিড-19ক লৈ ডিমা হাছাও জিলা প্ৰশাসনে ইতিমধ্যে জৰুৰীকালীন সেৱা আৰু ডিমা হাছাও আৰক্ষীৰ হেল্পলাইন নম্বৰ মুকলি কৰি দিছে। ডিমা হাছাও জিলাত 747 গৰাকী ব্যক্তিক বৰ্তমানো কোৱাৰেণ্টাইনত ৰখা হৈছে আৰু স্বাস্থ্য পৰীক্ষা কৰি থকা হৈছে বুলি পৰিয়াল কল্যাণ বিভাগৰ যুটীয়া সঞ্চালিকা ডাঃ দিপালি বৰ্মনে জানিবলৈ দিয়ে ।
লগতে পঢ়ক : মথাউৰি নিৰ্মাণত গুৰুত্ব প্ৰদান মন্ত্ৰী কেশৱ মহন্তৰ