অসম

assam

ETV Bharat / state

হাতৰ মুঠিত লৈ জীৱটো লৈ লাংটিংবাসীৰ দৈনন্দিন যাত্ৰা ! - Five people killed in train accident

প্ৰতিদিনে বিপদসংকুল পৰিস্থিতিৰ মাজেৰে পাৰ কৰিছে ডিমা হাছাওৰ লাংটিংবাসীয়ে । ৰে'লৰ লাইনত থকা ডবাৰ তলেৰে পাৰ হ'ব লাগে ষ্টেচন (Locals of Langting pass through a dangerous situation on the railway line) । আজিও স্থাপন নহ’ল উৰণীয়া সেঁতু ।

dengerous rail line crossing by people
প্ৰতিদিনে বিপদ নামিছে ডিমা হাছাওৰ লাংটিংবাসীলৈ

By

Published : Apr 5, 2022, 6:56 PM IST

ডিমা হাছাও,৫ এপ্ৰিল: ডিমা হাছাও জিলাৰ এখন অন্যতম ব্যস্ত চহৰ হৈছে লাংটিং। এই লাংটিং চহৰৰ মাজতে অৱস্থিত লাংটিং ৰেল ষ্টেচন । লাংটিং ষ্টেচনৰ মাজেৰে বিভিন্ন কামৰ সংক্ৰান্তত পাৰ হৈ যাব লগা হয় অঞ্চলটোৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰীকে ধৰি সাধাৰণ লোকসকল । কিন্তু ৰে'ল ষ্টেচনটোৰ এক ভয়াবহ দৃশ্যই শিহৰিত কৰি তোলে সকলোকে ৷ প্ৰতিদিনে সন্মুখত থাকে ভয়াৱহ বিপদৰ সংকেট । এখন উৰণীয়া সেঁতু নথকাৰ বাবেই অঞ্চলটোৰ ৰাইজে অতি বিপদ সংকুলভাৱে পথাচাৰীয়ে পথচোৱা পাৰ হৈ আহিছে (Locals of Langting pass through a dangerous situation on the railway line) ৷

কেৱল লাংটিং চহৰৰ এই ষ্টেচনতেই নহয়, মাইবং ষ্টেচনতো একেই অৱস্থা । মাইবং বজাৰলৈ যাব লগা হ'লেও একেধৰণৰ বিপদৰ মুখামুখী হ'ব লাগে অঞ্চলটোৰ ৰাইজ । ইতিমধ্যে মাইবঙত ৰে'লৰ চেপাত মৃত্যু হৈছে ৫ গৰাকীকৈ ব্যক্তিৰ(Five people killed in train accident) ।

ডিমা হাছাওৰ ভিন্ন দল-সংগঠনে এই বিপদ নিৰ্মূলৰ লগতে ইয়াৰ স্থায়ী সমাধানৰ বাবে মাইবং আৰু লাংটিঙত একোখনকৈ উৰণীয়া সেঁতু নিৰ্মাণৰ দাবীৰে বহুবাৰ সাব্যস্ত কৰিছে প্ৰতিবাদ । কিন্তু, দল-সংগঠনৰ প্ৰতিবাদক অলপো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্তৰ-পূব সীমান্ত ৰে'লৱে কৰ্তৃপক্ষৰ বিৰুদ্ধে ।

যিকোনো মূহুৰ্ত্বত হ’ব পৰা ভয়ানক বিপদৰ সম্ভাৱনা থকা ৰেল ষ্টেচন দুটাত শীঘ্ৰেই উৰণীয়া সেঁতু নিৰ্মাণ কৰি সাধাৰণ ৰাইজৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজ তথা দল-সংগঠনে । অন্যথা প্ৰতিদিনেই এনেদৰেই মৰণপন যাত্ৰা কৰিব লাগিব স্থানীয় ৰাইজে ।

লগতে পঢ়ক:Encounter at Chirang : ডকাইতৰ গুলীত আহত আৰক্ষী বিষয়া প্ৰকাশ মেধি

ABOUT THE AUTHOR

...view details