অসম

assam

ETV Bharat / state

হাফলঙৰ চাৰি গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা - মনোনয়ন বৈধ ঘোষণা

হাফলং সমষ্টিৰ কংগ্ৰেছৰ নিৰ্মল লাংথাচা, বিজেপিৰ নন্দিতা গাৰ্লোচা, জনতা দল ইউনিটেডৰ পৰা লংকি ইংহি আৰু ভাৰতীয় ট্ৰাইবেল পাৰ্টীৰ পৰা খানদান দাওলাগাপুয়ে মনোনয়ন দাখিল কৰিছিল । এই চাৰিগৰাকী প্ৰাৰ্থীৰ মনোনয়ন সোমবাৰে পৰীক্ষা কৰাৰ পাচতে জিলা ৰিটাৰ্ণিং বিষয়া পল বৰুৱাই বৈধ বুলি ঘোষণা কৰে ।

হাফলঙৰ চাৰি গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা ৰিটাৰ্ণিং বিষয়াৰ
হাফলঙৰ চাৰি গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা ৰিটাৰ্ণিং বিষয়াৰ

By

Published : Mar 15, 2021, 7:35 PM IST

ডিমা হাছাও,১৫ মাৰ্চ: সমাগত বহু আকাংক্ষিত অসম বিধানসভাৰ নিৰ্বাচন । নিৰ্বাচনক লৈ সকলো ব্যস্ত হৈ পৰিছে । ডিমা হাছাও জিলাৰ হাফলং সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰা চাৰি গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা জিলা নিৰ্বাচনী বিষয়াৰ । সোমবাৰে মনোনয়ন পত্ৰ পৰীক্ষা কৰি বৈধ ঘোষণা কৰে নিৰ্বাচনী বিষয়াই ।

হাফলঙৰ চাৰি গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা ৰিটাৰ্ণিং বিষয়াৰ

ৰাজ্যত দ্বিতীয় পৰ্যায়ত ৩৯ টা সমষ্টিৰ লগতে এক এপ্ৰিলত ১৬ নং হাফলং উপজাতি সংৰক্ষিত সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব । তাৰ বাবে হাফলং সমষ্টিৰ কংগ্ৰেছৰ নিৰ্মল লাংথাচা, বিজেপিৰ নন্দিতা গাৰ্লোচা, জনতা দল ইউনিটেডৰ পৰা লংকি ইংহি আৰু ভাৰতীয় ট্ৰাইবেল পাৰ্টীৰ পৰা খানদান দাওলাগাপুয়ে মনোনয়ন দাখিল কৰে ।

নন্দিতা গাৰ্লোচা

এই চাৰি গৰাকী প্ৰাৰ্থীৰ মনোনয়ন সোমবাৰে পৰীক্ষা কৰাৰ পাচতে জিলা ৰিটাৰ্ণিং বিষয়া পল বৰুৱাই বৈধ ঘোষণা কৰে ।

লগতে পঢ়ক: বাক্সাত ৰঙাঘৰলৈ চাৰি ডকাইত

ABOUT THE AUTHOR

...view details