অসম

assam

ETV Bharat / state

ডিমা হাছাওত প্ৰচণ্ড ভূমিস্খলনৰ ফলত বন্ধ বহু ঘাইপথ - ভূমিস্খলন প্ৰৱণ এলেকা হিচাবে চিহ্নিত

ডিমা হাছাওত প্ৰচণ্ড ভূমিস্খলনৰ(Landslide in Dima Hasao) ফলত সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে জনজীৱন । পাহাৰীয়া জিলাখনৰ বহু স্থানত বন্ধ হৈ পৰিছে ৰাষ্ট্ৰীয় ঘাইপথো (Landslides in Dima Hasao hit traffic movement) । হাফলং-শিলচৰ ৰাষ্ট্ৰীয় ঘাইপথ কাপড় ছড়া, হাফলং-লংকা ঘাইপথত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে যানবাহন চলাচল ৷

Landslides Disrupt Road Connectivity across Dima Hasao
ডিমা হাছাওত প্ৰচণ্ড ভূমিস্খলনৰ ফলত বন্ধ বহু ঘাইপথ

By

Published : May 13, 2022, 8:42 AM IST

ডিমা হাছাও, 13 মে’ :ডিমা হাছাও জিলাত বৃহস্পতিবাৰে হোৱা প্ৰচণ্ড ভূমিস্খলনৰ(Landslide in Dima Hasao) বহু ঘাইপথ বন্ধ হৈ পৰিছে । জিলাখনৰ লগতে চুবুৰীয়া অঞ্চলসমূহত প্ৰচণ্ড বৰষুণৰ বাবে এতিয়া সম্পূৰ্ণ ৰূপে ব্যাহত হৈ পৰিছে জনজীৱন । পাহাৰীয়া জিলাখনৰ বহু স্থানত ৰাষ্ট্ৰীয় ঘাইপথো বন্ধ হৈ পৰিছে(Landslides in Dima Hasao hit traffic movement) ।

শিলচৰ-সৌৰাষ্ট্ৰৰ ইষ্ট-ৱেষ্ট কৰিডৰৰ সংযোগী পথ হাফলং-জাতিংগা হাফলঙৰ মাজতে বৰহাফলঙত ঘাইপথৰ বৃহৎ অংশ খহি পৰে । ভূমিস্খলন প্ৰৱণ এলেকা হিচাবে চিহ্নিত এই ঘাইপথটোত ভূমিস্খলন ৰোধ কৰাৰ বাবে শিল আৰু তাঁৰৰ নেটৰ জৰিয়তে স্খলন ৰোধৰ ব্যৱস্থা কৰা হৈছিল যদিও নেৰানেপেৰা বৰষুণৰ বাবে পথটোৰ বৃহৎ অংশ খহি পৰে ।

ইপিনে হাফলং-শিলচৰ ৰাষ্ট্ৰীয় ঘাইপথ কাপড় ছড়াত জাতিংগা নৈৰ পানী বৃদ্ধি হৈ ৰাষ্ট্ৰীয় ঘাইপথটোৰ বৃহৎ অংশ ডুব যোৱাত ঘাইপথটোৰে যানবাহন চলাচল বন্ধ হৈ পৰিছে । ইপিনে ডিটেকচৰা জাতিংগা নৈৰ পৰা শিল আনিবলৈ যোৱা 11 গৰাকী শ্ৰমিকক উদ্ধাৰ কৰে হাৰেংগাজাও আৰক্ষীয়ে ।

অন্যহাতে ডিমা হাছাও জিলাৰ হাফলং-লংকা ঘাইপথৰ বিভিন্ন স্থানত ভূমিস্খলন হোৱাৰ বাবে এই পথত যানবাহন চলাচল সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰিছে ৷ পথটোৰ বিভিন্ন ঠাইত পাহাৰৰ পৰা মাটি আৰু ডাঙৰ ডাঙৰ গছ বাগুৰি পৰি ঘাইপথটো বন্ধ হৈ পৰে ।

লগতে পঢ়ক :আজি গুৱাহাটীত বন্ধ থাকিব পেট্ৰ’ল পাম্প

ABOUT THE AUTHOR

...view details