ডিমা হাছাও,10 জুন:ডিমা হাছাও জিলাৰ 54 নং ৰাষ্ট্ৰীয় ঘাইপথত হোৱা ধাৰাষাৰ বৰষুণৰ বাবে ভয়ংকৰ ভূমিস্খলন সংঘটিত হয় ৷ মাইবং আৰু জাতিংগাৰ সমীপত হোৱা ভূমিস্খলনৰ বাবে সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰে যাতায়াত ব্যৱস্থা ৷
বৰ্তমানে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষই সৰু-বাহনৰ বাবে ঘাইপথটো খুলি দিয়ে যদিও এই পথচোৱাত এতিয়াও গধুৰ বাহন চলাচল কৰিব পৰা নাই ৷ জৰুৰীকালীন সেৱাৰ ক্ষেত্ৰটো বৃহৎ প্ৰতিবন্ধকতা আহি পৰিছে বুলি জানিবলৈ দিছে স্থানীয় লোকে ৷