অসম

assam

ETV Bharat / state

লামডিং-বদৰপুৰ ব্ৰডগজ ৰেলপথৰ 20 টাৰো অধিক স্থানত ভূমিস্খলন - বয়লা নৈৰ ওপৰত থকা দলঙৰ এপ্ৰচৰ তলৰ পৰা মাটি

যোৱা চাৰিদিনৰ পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত লামডিং-বদৰপুৰ ব্ৰডগজ ৰেলপথত নতুনকৈ 20 টাৰো অধিক স্থানত ভূমিস্খলন সংগঠিত হয় । এই ৰেলপথচোৱাৰৰ মপাৰ ষ্টেচনৰ সমীপৱৰ্তী বয়লা নৈৰ ওপৰত থকা দলঙৰ এপ্ৰচৰ তলৰ পৰা মাটি খহি যোৱাৰ ফলত দলংখন ক্ষতিগ্ৰস্থ হৈছে ।

লামডিং-বদৰপুৰ ব্ৰডগজ ৰেলপথৰ 20 খনৰ অধিক স্থানত ভূমিস্খলন
লামডিং-বদৰপুৰ ব্ৰডগজ ৰেলপথৰ 20 খনৰ অধিক স্থানত ভূমিস্খলন

By

Published : Jun 18, 2022, 11:28 AM IST

ডিমা হাছাও, 18 জুন: লামডিং-বদৰপুৰ ব্ৰডগজ ৰেলপথত নতুনকৈ আৰু 20 টাৰো অধিক স্থানত ভূমিস্খলন হৈছে । ভয়ংকৰ অৱস্থা ধাৰণ কৰিছে লামডিং-শিলচৰ ব্ৰডগজ ৰেল পথটোৱে (Landslide in Lumding Badarpur railway track)। যোৱা এমাহ আগতে 14 মে'ত লামডিং-বদৰপুৰ ব্ৰডগজ ৰেলপথৰ 61 টা স্থানত ভূমিস্খলন আৰু বানে ৰেলপথটোৰ ব্যপক ক্ষতি কৰিছিল, যাৰ ফলত বিগত এমাহৰ অধিককাল ধৰি পাহাৰ লাইনত ৰেল সেৱা বন্ধ হৈ আছে ।

ইপিনে যোৱা চাৰিদিনৰ পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত লামডিং-বদৰপুৰ ব্ৰডগজ ৰেলপথত নতুনকৈ 20 টাৰো অধিক স্থানত ভূমিস্খলন সংগঠিত হয় । এই ৰেলপথচোৱাৰৰ মপাৰ ষ্টেচনৰ সমীপৱৰ্তী বয়লা নৈৰ ওপৰত থকা দলঙৰ এপ্ৰচৰ তলৰ পৰা মাটি খহি যোৱাৰ ফলত দলংখন ক্ষতিগ্ৰস্থ হৈছে । বয়লা নৈৰ পানীয়ে এই বিপদ মানি আনে দলংখনৰ বাবে । ইপিনে যোৱা এমাহ আগতে লামডিং-বদৰপুৰ ব্ৰডগজ ৰেলপথৰ যি 61 টা স্থান ক্ষতিগ্ৰস্থ হৈছিল এই 61টা স্থানৰ মাজতে 46 টা স্থান মেৰামতি কৰি তোলা হৈছিল যদিও যোৱা চাৰি দিনৰ প্ৰচণ্ড বৰষুণে আকৌ এই স্থান সমূহক ক্ষতিগ্ৰস্থ কৰিছে ৷

লগতে পঢ়ক:সাহাৰ্য বিচাৰি গৈছিল বিধায়কৰ ওচৰলৈ: 100 টকা দি পঠাই দিলে ঘৰলৈ

ABOUT THE AUTHOR

...view details