অসম

assam

By

Published : Jun 25, 2021, 9:54 AM IST

ETV Bharat / state

শিলচৰ-সৌৰাষ্ট্ৰ ইষ্ট-ৱেষ্ট কৰিডৰত ব্যাপক ভূমিস্খলন

শিলচৰ-সৌৰাষ্ট্ৰ ইষ্ট-ৱেষ্ট কৰিডৰত সংঘটিত ব্যাপক ভূমিস্খলনৰ ফলত ব্যাহত হৈ পৰিছে 54 নং ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ কাম ৷ নেৰানেপেৰা বৰষুণৰ ফলত হোৱা ভূমিস্খলনৰ বাবে শোচনীয় হৈ পৰিছে ঘাইপথৰ অৱস্থা ৷ ব্যাহত হৈ পৰিছে যাতায়ত ব্যৱস্থা ৷

landslide hits silchar saurashtra east west corridor
54 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ইতিমধ্যে ধনৰ আবন্টন দিছে।

ডিমা হাছাও, 24জুন: শিলচৰ-সৌৰাষ্ট্ৰ ইষ্ট-ৱেষ্ট কৰিডৰ তথা 54 নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাইবাং আৰু জাতিংগাৰ মাজত অৱস্থিত এন লেইকুল গাঁৱৰ সমীপত সংঘটিত হৈছে ভয়াৱহ ভূমিস্খলন ৷ বিগত কেইবাদিনো ধৰি হৈ থকা বৰষুণৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথৰ বিভিন্ন অংশত হোৱা ভূমিস্খলনৰ ফলত ঘাইপথটোৰ অৱস্থা শোচনীয় হৈ পৰাৰ লগতে যান-বাহনৰ চলাচল একপ্ৰকাৰ ব্যাহত হৈ পৰিছে ৷

শিলচৰ-সৌৰাষ্ট্ৰ ইষ্ট-ৱেষ্ট কৰিডত ভূমিস্খলন: পথ মেৰামতিৰ বাবে ধনৰ আৱন্টন

উল্লেখ্য যে, দীৰ্ঘদিনৰ পৰা মাইবাং আৰু জাতিংগাৰ মাজত এন লেইকুলৰ ওচৰৰ এই পথচোৱা শোচনীয় অৱস্থাতে আছে ৷ বৰ্তমান ঘাইপথটোৰ এই অংশত পথ নিৰ্মাণৰ কামো বন্ধ হৈ পৰিছে ৷ অভিযোগ অনুসৰি, প্ৰতি বছৰে বৰষুণৰ সময়ত এই ঘাইপথটোৰ অৱস্থা শোচনীয় হৈ পৰে ৷ মূলতঃ ভূ-তাত্বিক সমস্যাৰ বাবে এই অংশত বৰষুণৰ সময়ত পাহাৰ খহি ঘাইপথটো বন্ধ হৈ পৰে ।

স্থানীয় ৰাইজে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ বিভাগে এই ক্ষেত্ৰত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰাৰ পৰিৱৰ্তে ডিমা হাছাও জিলাৰ অভিভাৱক মন্ত্ৰী তথা ৰাজ্যৰ পাৰ্বত্য এলেকা উন্নয়ন বিভাগৰ মন্ত্ৰী যোগেন মোহনে পথছোৱা মেৰামতিৰ সন্দৰ্ভত ৰাইজক আশ্বাস প্ৰদান কৰিছে ৷ মন্ত্ৰীগৰাকীয়ে কয় যে, ইতিমধ্যে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰন বিভাগৰ ফালৰ পৰা এই ঘাইপথ নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰক প্ৰস্তাৱ দিয়াৰ পাচতে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ধন আবন্টন কৰিছে ৷

শীঘ্ৰেই এই ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম আৰম্ভ হ'ব আৰু ইয়াৰ বাবে দৰপত্ৰ আহ্বান কৰা হ'ব বুলি জানিবলৈ দি মন্ত্ৰীগৰাকীয়ে কয় যে, যিমান দিনলৈকে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ বিভাগে দৰপত্ৰ আহ্বান নকৰে তেতিয়ালৈকে এই পথটো মেৰামতি কৰাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী লগত আলোচনা কৰি ৰাজ্যৰ লোক নিৰ্মান বিভাগৰ জৰিয়তে ধন আবন্টন কৰি এই পথছোৱা সুচল কৰি ৰখাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৷

লগতে পঢ়ক :উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰি বিতৰ্কত মুখ্য সচিব জিষ্ণু বৰুৱা

ABOUT THE AUTHOR

...view details