অসম

assam

By

Published : May 12, 2022, 2:15 PM IST

ETV Bharat / state

Landslide disrupts train services in Dima Hasao : শিলচৰ-লামডিং ব্ৰডগজ ৰেলপথত ভূমিস্খলন

নেৰানেপেৰা বৰষুণৰ বাবে শিলচৰ-লামডিং ব্ৰডগজ ৰেলপথত ভূমিস্ফলন (Landslide on Silchar Lumding Broadgauge Railway)। ফলত ওয়াড্ৰিংদিছা আৰু মাইবাঙৰ মাজত কেইবা ঘণ্টা ধৰি ৰেল' সেৱা বন্ধ ।

Landslide disrupts train services
শিলচৰ লামডিং ব্ৰডগজ ৰেলপথত ভূমিস্খলন

ডিমা হাছাও, ১২ মে':শিলচৰ-লামডিঙৰ মাজত কেইবা ঘণ্টা ধৰি ৰেল' সেৱা বন্ধ (Landslide disrupts train services between Silchar and Lumding)। ওয়াড্ৰিংদিছা আৰু মাইবাঙৰ মাজত হোৱা ভূমিস্খলনৰ ফলত ৰেল' সেৱা বন্ধ হৈ পৰে (Landslide between Wadringdisa and Maibang)। ৰেল' কৰ্তৃপক্ষই যুদ্ধকালীন প্ৰচেষ্টাৰে পুনৰ ৰেল' সেৱা আৰম্ভ কৰি তোলে ।

শিলচৰ লামডিং ব্ৰডগজ ৰেলপথত ভূমিস্খলন

উল্লেখ্য যে বিগত দুদিন ধৰি ডিমা হাছাও জিলাৰ লগতে চুবুৰীয়া অঞ্চলত ধৰাষাৰ বৰষুণ হোৱা দেখা গৈছে । ফলত পাহাৰীয়া অঞ্চলটোত ঠায়ে ঠায়ে ভূমিস্খলন হোৱা দেখা গৈছে । ইয়াৰ মাজতে শিলচৰ-লামডিং ব্ৰডগজ ৰেলপথত ভূমিস্ফলন হয় । ওয়াড্ৰিংদিছা আৰু মাইবাঙৰ মাজত হোৱা এই ভূমিস্ফলনৰ ফলত পাহাৰ লাইনত পুৱা প্ৰায় ৭ বজাৰ পৰা ৰেল' সেৱা বন্ধ হৈ থাকে ।

শিলচৰ লামডিং ব্ৰডগজ ৰেলপথত ভূমিস্খলন

কিন্তু ৰেল কৰ্তৃপক্ষই যুদ্ধকালীনভাৱে ৰেল' পথটো মুকলি কৰাৰ ব্যৱস্থা কৰে । অৱশেষত প্ৰায় ১০.৩০ বজাত পুনৰ পাহাৰ লাইন ৰেল' চলাচলৰ বাবে মুকলি কৰি দিয়া হয় । যাৰ বাবে পাহাৰ লাইনত বহু কেইখন ৰেল'ৰ চলাচলত বিলম্ব হোৱা দেখা গৈছে (Delay in movement of several trains on hill lines)। উত্তৰ-পূৱ সীমান্ত ৰেল'ৰ বিশেষ সূত্ৰই জনোৱা মতে ভূমিস্খলন এলেকাত ১০ কিলোমিটাৰ গতিবেগত ৰেল' চলাচল কৰিছে ।

শিলচৰ লামডিং ব্ৰডগজ ৰেলপথত ভূমিস্খলন

উল্লেখ্য যে শিলচৰ-লামডিঙ ব্ৰডগজ ৰেল' পথত প্ৰতি বছৰে এই ধৰণৰ ভূমিস্খলন হোৱা দেখা যায় । যাৰ বাবে উক্ত অঞ্চলটোত বহু সময়ত ৰেল' চলাচলত বাধা আহে ।

লগতে পঢ়ক :জীৱিত অৱস্থাতে চোৰাং চিকাৰীয়ে কাটি নিলে গঁড়ৰ খৰ্গ

For All Latest Updates

ABOUT THE AUTHOR

...view details