যি কোনো মূহুৰ্ততে হ'ব পাৰে ভূমিস্খলন,বন্ধ হৈ যাব পাৰে বৰাকৰ যাতায়ত
বিপদজনক অৱস্থাত আছে বৰাক উপত্যকাৰ লগতে ডিমা হাছাও জিলাৰ একমাত্ৰ যোগাযোগৰ মাধ্যম হাফলং-শিলচৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মিয়াংক্ৰ লামপুৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এক বিশেষ অংশ
যি কোনো মূহুৰ্ততে হ'ব পাৰে ভূমিস্খলন, বন্ধ হৈ যাব পাৰে বৰাকৰ যাতায়ত
ডিমা হাছাও, 29 জুলাইঃ বৰাক উপত্যকাৰ লগতে ডিমা হাছাও জিলাৰ এক মাত্ৰ যোগাযোগৰ মাধ্যম হাফলং-শিলচৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মিয়াংক্ৰ লামপুৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এক বিশেষ অংশ বিপদজনক অৱস্থাত আছে ৷ এই অংশ ছোৱাত যি কোনো মূহুৰ্ততে ভূমিস্খলন সংঘটিত হৈ ঘাইপথৰ লগতে থকা ব্ৰডগজ ৰেলপথটো বন্ধ হৈ যাব পাৰে ৷ উল্লেখযোগ্য যে,এই অংশ ছোৱা বন্ধ হৈ গ'লে ডিমা হাছাও জিলাৰ লগতে বৰাক উপত্যকা আৰু ত্ৰিপুৰাৰ মাজৰ যাতায়ত সম্পূৰ্ণ ৰূপে বন্ধ হৈ যাব ৷