ডিমা হাছাও, 12জুনঃ লামডিং-শিলচৰ ব্ৰডগজ ৰেলপথত বৃহস্পতিবাৰে নিশা বৰষুণ অহাৰ ফলত পাহাৰ লাইনৰ দিহাকো আৰু মুপা ৰেল ষ্টেচনৰ মাজত 50/1 কিলোমিটাৰ অংশত পুনৰ ভূমিস্খলন হয় । এই ভূমিস্খলন হোৱাৰ ফলত পাহাৰ লাইনৰ মাজেৰে ৰেল চলাচল পুনৰ অনিশ্চিত হৈ পৰিল । উত্তৰ-পূব সীমান্ত ৰেলৰ জনসংযোগ বিষয়া নৃপেন্দ্ৰ ভট্টাচাৰ্যই অহা 16 জুনৰ পুনৰ ৰেল পৰিসেৱা অব্যাহত থাকিব বুলি জনাইছিল কিন্তু বৃহস্পতিবাৰে নিশা অহা বৰষুণৰ ফলত পুনৰ ভূমিস্খলন হোৱাৰ ফলত 16 জুনৰ পৰা ৰেল চলাচল কৰাত বাধাই দেখা দিছে ।
লামডিং-শিলচৰ ব্ৰডগজ ৰেলপথৰ দিহাকো আৰু মুপাৰ মাজত ভূমিস্খলন - lamding silchar train line break
লামডিং - শিলচৰ ব্ৰডগজ ৰেল পথ ছোৱত পুনৰ ভূমিস্খলন হোৱাৰ ফলত যাতায়ত ব্যবস্হা ব্যাহত হৈ পৰিছে ।
লামডিং-শিলচৰ ব্ৰডগজ ৰেলপথৰ দিহাকো আৰু মুপাৰ মাজত পুনৰ ভূমিস্খলন
উল্লেখযোগ্য যে, বিগত 1 জুনৰ নিশা মুপা আৰু মাইবাঙৰ মাজত ভূমিস্খলনৰ ফলত যোৱা 12 দিনৰ পৰা পাহাৰ লাইনছোৱাত ৰেল চলাচল বন্ধ হৈ আছে । মুপা আৰু মাইবাঙৰ মাজত ভূমিস্খলন হোৱা স্থানত যুদ্ধকালীন তৎপৰতাৰে নতুনকৈ ৰেলপথ নিৰ্মাণৰ কাম চলাই গ'লেও প্ৰতিকূল বতৰৰ বাবে কাম কৰাত বাধাৰ সৃষ্টি কৰিছে । যাৰ ফলত পাহাৰ লাইনছোৱাত কেতিয়াৰ পৰা পুনৰ ৰেলৰ চলাচল সুচল হৈ উঠিব সেই লৈ অনিশ্চয়তাই দেখা দিছে ।
লগতে পঢকঃ বকোত পথ দুৰ্ঘটনাত নিহত এজন