ডিমা হাছাও, ১৯ ফেব্ৰুৱাৰী: বৃহস্পতিবাৰে ডিমা হাছাও জিলাৰ হাফলঙৰ চনটিলাত চৰকাৰী আবাস নিৰ্মাণত নিয়োজিত এগৰাকী শ্ৰমিকৰ তিনি মহলাৰ পৰা পৰি মৃত্যু হয় । হাফলং চহৰৰ পৰা ২০ কিলোমিটাৰ নিলগত চনটিলাত পশু পালন বিভাগৰ আবাস নিৰ্মাণৰ কাম চলি আছিল । এই কামত নিহত শ্ৰমিকগৰাকী নিয়োজিত আছিল । কাম কৰি থকা অৱস্থাত হঠাতে লোহাৰ ৰড এডালেৰে আঘাতপ্ৰাপ্ত হোৱাত লগে লগে তিনি মহলাৰ পৰা পৰি গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হয় শ্ৰমিকজন ।
হাফলঙত অট্টালিকাৰ পৰা পৰি শ্ৰমিকৰ মৃত্যু - চৰকাৰী আবাস নিৰ্মাণত নিয়োজিত শ্ৰমিক
চৰকাৰী আবাস নিৰ্মাণত নিয়োজিত শ্ৰমিকৰ নিৰ্মীয়মান অট্টালিকাৰ পৰা পৰি মৃত্যু । হাফলঙৰ চনটিলাত চৰকাৰী আবাস নিৰ্মাণত নিয়োজিত আছিল নিহত শ্ৰমিকজন ।

হাফলঙত তিনি মহলাৰ পৰা পৰি মৃত্যু শ্ৰমিকৰ
হাফলঙত তিনি মহলাৰ পৰা পৰি মৃত্যু শ্ৰমিকৰ
ঘটনাতো সংঘটিত হোৱাৰ লগে লগে তেওঁৰ আন শ্ৰমিক সতীৰ্থসকলে আঘাতপ্ৰাপ্ত শ্ৰমিকজনক উদ্ধাৰ কৰি হাফলং অসামৰিক চিকিৎসালয়লৈ লৈ যায় । কিন্তু তাৰ পাচতে চিকিৎসকে শ্ৰমিকজনক মৃত বুলি ঘোষণা কৰে । নিহত শ্ৰমিকজন কৰিমগঞ্জ জিলাৰ বদৰপুৰ মহাকালৰ বাসিন্দা গৌতম শুক্লবৈদ্য বুলি জানিব পৰা গৈছে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।
লগতে পঢ়ক:নিৰ্বাচনক লৈ তিনি বিপিএফ নেতাৰ গোপন বৈঠক