অসম

assam

ETV Bharat / state

হাফলঙত অসম খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ সচেতনা শিৱিৰ - খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ সচেতনা শিৱিৰ

প্ৰধানমন্ত্ৰী ৰোজগাৰ যোজনাৰ অধীনত নিবনুৱাসকলৰ কৰ্মসংস্থান ওপৰত হাফলংত খাদী আৰু গ্রামোদ্যোগ আয়োগৰ সচেতনতা শিবিৰ । শিৱিৰত অংশগ্ৰহণ কৰে মুখ্য কাৰ্যবাহী বিষয়া ডঃ সুকোমল দেৱৰ লগতে জিলা উপায়ুক্ত অমিতাভ ৰাজখোৱা ৷

Khadi and Village Industries Commission organised Awareness Camp at Haflong
খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ সচেতনা শিৱিৰ

By

Published : Jan 11, 2020, 5:09 PM IST

হাফলং, 11 জানুৱাৰীঃপ্ৰধানমন্ত্ৰী ৰোজগাৰ আঁচনিৰ অধীনত ডিমা হাচাও উত্তৰ কাছাৰ পাৰ্বত্য জিলাত অনুষ্ঠিত কৰা হয় সচেতনতা শিৱিৰ ৷ জিলা সদৰস্থিত হাফলং সাংস্কৃতিক ভৱনত অনুষ্ঠিত হয় সচেতনতা শিৱৰটো ৷ শিৱিৰৰ সৈতে সংগতি ৰাখি জিলা শ্ৰমশিল্প বিভাগৰ হস্ততাঁত সপ্তাহ উপলক্ষে আয়োজন কৰে এখন প্ৰদৰ্শনী ৷

লগতে পঢ়কঃ হাফলং-শিলচৰ ঘাইপথ নিৰ্মাণৰ বাবে 54 কোটি 27 লাখ টকা মুকলি

অনুষ্ঠানত খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ উত্তৰ-পূৱৰ দায়িত্বত থকা মুখ্য কাৰ্যবাহী বিষয়া ড৹ সুকোমল দেৱৰ লগতে জিলা উপায়ুক্ত অমিতাভ ৰাজখোৱা উপস্থিত থাকে ৷ অনুষ্ঠানত অংশগ্ৰহণ কৰে জিলাখনৰ বিভিন্ন আত্মসহায়ক গোটৰ সদস্যসকলে ৷

হাফলঙত খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া ডঃ সুকোমল দেৱ

প্ৰধানমন্ত্ৰী ৰোজগাৰ আঁচনিৰ অধীনত নিবনুৱাসকলেকিদৰে লাভৱান হ'ব পাৰেতাক অৱগত কৰায় ড৹ সুকোমল দেৱে ৷ আঁচনিৰ অধীনত নিবনুৱাসকলেনিজকে স্বনিৰ্ভৰশীলকৰি তুলিব পাৰে, তাক লৈ আলোকপাত কৰে জিলা উপায়ুক্ত অমিতাভ ৰাজখোৱাই ৷ অনুষ্ঠানত উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য নিপোলাল হোজাইয়ো অংশগ্ৰহণ কৰে ৷

ABOUT THE AUTHOR

...view details