অসম

assam

ETV Bharat / state

হাফলং অসামৰিক চিকিৎসালয়লৈ কায়াকল্প বঁটা - haflong civil hospital

হাফলং অসামৰিক চিকিৎসালয়ক ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ পৰা কায়াকল্প বঁটা প্ৰদান কৰা হৈছে । পৰিষ্কাৰ আৰু স্বচ্ছতাৰ বাবে ৰাজ্যৰ 15খন চিকিৎসালয়ৰ মাজতে হাফলং অসামৰিক চিকিৎসালয় খনে দ্বিতীয় স্থান লাভ কৰে। শুকুৰবাৰে ডিমা হাছাও জিলাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ যুটীয়া সঞ্চালিকা ডঃ দীপালি বৰ্মনে সদৰী কৰে এই কথা ।

হাফলং অসামৰিক চিকিৎসালয়
হাফলং অসামৰিক চিকিৎসালয়ক প্ৰদান কায়াকল্প বঁটা

By

Published : Mar 13, 2020, 11:22 PM IST

ডিমা হাছাও 13 মাৰ্চ: পৰিষ্কাৰ আৰু স্বচ্ছতাৰ বাবে হাফলং অসামৰিক চিকিৎসালয়ক ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ পৰা কায়াকল্প বঁটা প্ৰদান কৰা হয় । পৰিষ্কাৰ আৰু স্বচ্ছতাৰ বাবে ৰাজ্যৰ 15খন চিকিৎসালয়ৰ মাজতে হাফলং অসামৰিক চিকিৎসালয় খনে দ্বিতীয় স্থান লাভ কৰে। ইতিমধ্যে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে এই বঁটা প্ৰদানৰ বিষয়টো ঘোষণা কৰে ।

শুকুৰবাৰে এই কথা সদৰী কৰে ডিমা হাছাও জিলাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ যুটীয়া সঞ্চালিকা ডঃ দীপালি বৰ্মনে । পৰিষ্কাৰ আৰু স্বচ্ছতাৰ বাবে চিকিৎসালয় খনৰ চিকিৎসক নাৰ্ছ আৰু স্বাস্থ্যকৰ্মী সকলৰ প্ৰচেষ্টা ও ডায়েৰীয়া প্ৰতিৰোধ আৰু স্বাস্থ্যকৰ পৰিবেশ ৰক্ষা কৰি চিকিৎসালয় খন স্বচ্ছ ৰখাৰ বাবে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে হাফলং অসামৰিক চিকিৎসালয়ক কায়াকল্প বঁটা প্ৰদান কৰে ।

হাফলং অসামৰিক চিকিৎসালয়ক প্ৰদান কায়াকল্প বঁটা

আনহাতে, হাফলং অসামৰিক চিকিৎসালয়ত হাফলং মাইবাং আৰু লাংটিংৰ চিকিৎসালয় আৰু ৰোগী সকলৰ সুবিধাৰ বাবে নতুন তিনিখন অম্বুলেন্সৰ ফ্লেগঅফ কৰি উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিসদৰ সিইএম দেৱলাল গাৰ্লচাই কয়, ডিমা হাছাও জিলাত নতুন এখন মেডিকেল কলেজ স্থাপন কৰা হ'ব । ইয়াৰ লগতে মাইবাং অসামৰিক চিকিৎসালয়ক উন্নত কৰাৰ কাম ইতিমধ্যে আৰম্ভ হৈছে । ইয়াৰ উপৰি ডিমা হাছাও জিলাত নতুনকৈ 10 গৰাকী এমবিবিএচ চিকিৎসক নিয়োগ কৰা হৈছে । লগতে কয় 2017-18 বছৰত স্বচ্ছতাৰ বাবে হাফলং অসামৰিক চিকিৎসালয়ক কায়াকল্প বঁটা প্ৰদান কৰিছিল ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ পৰা তেতিয়া হাফলং অসামৰিক চিকিৎসালয় ৰাজ্যত প্ৰথম স্থান দখল কৰাত সক্ষম হৈছিল । আৰু এয়া সম্ভব হয় হাফলং অসামৰিক চিকিৎসালয়ৰ চিকিৎসকৰ পৰা আৰম্ভ কৰি সকলো স্বাস্থ্যকৰ্মীৰ বাবে বুলি মন্তব্য কৰে সিইএম দেৱলাল গাৰ্লচাই ।

আৰু পঢ়কঃ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সুখবৰঃ বৃদ্ধি পালে 4 শতাংশ মৰগীয়া বানচ

ABOUT THE AUTHOR

...view details