অসম

assam

ETV Bharat / state

Dima Hasao Tragedy: পৰিস্থিতি বুজ ল’বলৈ ডিমা হাছাওত যোগেন মহন - ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ

কালে লগ এৰা নাই প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ পাহাৰীয়া জিলা ডিমা হাছাও ৷ ধ্বংসস্তূপত পৰিণত ডিমা হাছাওৰ সামগ্ৰিক পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে হাফলঙত উপস্থিত হয় ৰাজ্যৰ দুৰ্যোগ প্ৰশমন বিভাগ তথা ৰাজ্যৰ পাৰ্বত্য এলেকা উন্নয়ন বিভাগৰ মন্ত্ৰী যোগেন মহন (Jogen Mohan visited in Dima Hasao) ৷

Jogen Mohan visited in Dima Hasao
পৰিস্থিতি বুজ ল’বলৈ ডিমা হাছাওত উপস্থিত যোগেন মহন

By

Published : May 18, 2022, 5:23 PM IST

Updated : May 18, 2022, 6:09 PM IST

ডিমা হাছাও, 18 মে’ : এতিয়াও শান্ত হোৱা নাই ডিমা হাছাওৰ পৰিস্থিতি ৷ ধ্বংসস্তূপত পৰিণত 'উত্তৰ-পূৱ ভাৰতৰ মিনি চুইজাৰলেণ্ড' (Dima Hasao Tragedy) খ্যাত ডিমা হাছাও । ফলত যোগাযোগ, বিদ্যুৎ সেৱা বিঘ্নিত হোৱাৰ ফলত স্তব্ধ হৈ পৰিছে সাধাৰণ জনজীৱন (Normal life completely disrupted in Dima Hasao) ৷

ডিমা হাছাও জিলাৰ সামগ্ৰিক পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে মাইবাঙত আহি উপস্থিত হয় ৰাজ্যৰ দুৰ্যোগ প্ৰশমন বিভাগ তথা ৰাজ্যৰ পাৰ্বত্য এলেকা উন্নয়ন বিভাগৰ মন্ত্ৰী যোগেন মহন (Jogen Mohan visited in Dima Hasao)। প্ৰাকৃতিক দুৰ্যোগৰ কবলত পৰা ডিমা হাছাও জিলাৰ সবিশেষ পৰিস্থিতিৰ বুজ ল’বলৈ সোমবাৰে গুৱাহাটীৰ পৰা হাফলঙত আহি উপস্থিত হোৱাৰ কথা আছিল মন্ত্ৰী যোগেন মহন আৰু ৰাজ্যৰ গৃহ সচিব জি ডি ত্ৰিপাঠীৰ ।

পৰিস্থিতি বুজ ল’বলৈ ডিমা হাছাওত উপস্থিত যোগেন মোহন

কিন্তু গুৱাহাটীৰ পৰা সোমবাৰে হাফলঙলৈ অহাৰ সময়ত 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰিমবাংলাৰ ওচৰতে ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত হোৱা বৃহৎ ভূমিস্খলনৰ বাবেই মাইবাঙৰ পৰা মন্ত্ৰীগৰাকী পুনৰ গুৱাহাটীলৈ ঘূৰি যাব লগাত পৰিছিল ৷ মঙলবাৰে আকৌ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে মন্ত্ৰী যোগেন মহন 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰিমবাংলাৰ ভূমিস্খলনৰ সেই স্থানত আহি উপস্থিত হয় আৰু বুজ লয় সামগ্ৰীক পৰিস্থিতি ৷

পৰিস্থিতি বুজ ল’বলৈ ডিমা হাছাওত উপস্থিত যোগেন মহন

লগতে পঢ়ক :Mini Switzerland in trouble : সংকটত উত্তৰ-পূৱ ভাৰতৰ মিনি চুইজাৰলেণ্ড

লগতে মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ কৰ্মকৰ্তাৰ সৈতে আলোচনাত মিলিত হৈ বিভাগীয় কৰ্তৃপক্ষক ঘাইপথচোৱা সুচল কৰি দিয়াৰো নিৰ্দেশ প্ৰদান কৰে । উল্লেখ্য যে, বিগত এক সপ্তাহযোৰা নেৰানেপেৰা বৰষুণৰ ফলত ভূমিস্খলন আৰু বানৰ কবলত পৰি লামডিং-শিলচৰ ব্ৰডগজ ৰে’ল পথৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰাজ্যিক ঘাইপথ বন্ধ হৈ পৰে ৷

ফলত সমগ্ৰ ডিমা হাছাও জিলাৰ যোগাযোগ ব্যৱস্থা বহিঃৰাজ্যৰ সৈতে বিছিন্ন হৈ পৰে । ভূমিস্খলনৰ ফলতে মাইবাং-আৰু মাহুৰৰ মাজতে 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰিমবাংলাৰ সুৰংগৰ নিচেই কাষতেও ভূমিস্খলন হয় ৷ ভূমিস্খলনৰ সেই স্থানত পানী জমা হৈ বিগত তিনিদিনৰ পৰা ডিমা হাছাও জিলাসহ বৰাক উপত্যকা, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰাৰ সৈতে যোগাযোগ বিচিন্ন হৈ পৰে ।

অৱশ্যে ৰাজ্য চৰকাৰৰ ফালৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথটো সুচল কৰি তোলাৰ বাবে যুদ্ধকালীনভাৱে কাম আৰম্ভ কৰা হৈছে ৷ কিন্তু বাতৰি লিখা পৰলৈকে প্ৰশাসনৰ তৰফৰ পৰা উক্ত পথচোৱা সুচল কৰি তুলিব পৰা নাই ৷ যুদ্ধকালীনভাৱে এই কাম কৰি থকা হৈছে বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে মন্ত্ৰী যোগেন মহনে ৷

লগতে পঢ়ক :প্ৰকৃতিৰ ৰুদ্ৰ ৰূপত বিধ্বস্ত ডিমা হাছাও

Last Updated : May 18, 2022, 6:09 PM IST

ABOUT THE AUTHOR

...view details