ডিমা হাছাও, 19মে’:আজি পৰ্যন্ত একেই আছে ডিমা হাছাওৰ পৰিস্থিতি ৷ ধ্বংসস্তূপত পৰিণত 'উত্তৰ-পূৱ ভাৰতৰ মিনি চুইজাৰলেণ্ড' (Dima Hasao Tragedy) খ্যাত ডিমা হাছাও । প্ৰকৃতিৰ ধ্বংসলীলাৰ ফলত যোগাযোগ, বিদ্যুৎ সেৱা বিঘ্নিত হৈ পৰিছে ৷
ফলত স্তব্ধ হৈ পৰিছে সাধাৰণ জনজীৱন (Normal life completely disrupted Dima Hasao) ৷ বৃহস্পতিবাৰে ডিমা হাছাওৰ বৰ্তমানৰ পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে মাইবাঙত আহি উপস্থিত হয় ৰাজ্যৰ দুৰ্যোগ প্ৰশমন বিভাগ তথা ৰাজ্যৰ পাৰ্বত্য এলেকা উন্নয়ন বিভাগৰ মন্ত্ৰী যোগেন মহন (Jogen Mohan visited in Dima Hasao) আৰু শক্তিমন্ত্ৰী বিমল বৰা ( Bimal Bora visited Dima Hasao) ।
জানিব পৰা মতে, গুৱাহাটীৰ পৰা হাফলং অহাৰ সময়ত ৰাজ্যৰ দুই মন্ত্ৰী 27 ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলনৰ বাবে কেইবা ঘণ্টা আবদ্ধ হৈ পৰিছিল ৷ অৱশেষত ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতি কৰাৰ পিচতে দুপৰীয়াৰ ভাগত হাফলং আহি উপস্থিত হৈ মন্ত্ৰী যোগেন মহনে ডিমা হাছাও জিলাৰ পৰিৱেশ এতিয়াও ভয়াবহ হৈ আছে বুলি মন্তব্য কৰে ।
লগতে মন্ত্ৰীগৰাকীয়ে কয় যে, ডিমা হাছাও জিলাক সজাই পৰাই তোলা হৈছিল ৷ এতিয়া আকৌ নতুনকৈ পাহাৰীয়া জিলাখনক সজাই পৰাই তোলাৰ ক্ষেত্ৰত সময় লাগিব বুলি মন্ত্যব কৰে মন্ত্ৰীগৰাকীয়ে । তেওঁ কয়, ‘‘ডিমা হাছাও জিলাত কোনো কাৰণতে খাদ্য সংকট হ’ব দিয়া নহ’ব ৷’’