অসম

assam

By

Published : May 19, 2022, 9:00 PM IST

ETV Bharat / state

ডিমা হাছাওৰ দুৰ্গতসকলক সহায় কৰিবলৈ অসম চৰকাৰ সাজু

প্ৰকৃতিৰ ৰোষত পৰা প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ পাহাৰীয়া জিলা ডিমা হাছাও ৷ প্ৰকৃতিৰ ৰোষত পৰা ডিমা হাছাওৰ দুৰ্গতসকলক সকলো সহায়-সহযোগিতা আগবঢ়াই ৰাজ্য চৰকাৰ সদায় সাজু বুলি বৃহস্পতিবাৰে মন্ত্ৰী যোগেন মহন আৰু শক্তিমন্ত্ৰী বিমল বৰাই এখন সংবাদমেল আয়োজন কৰি মন্তব্য কৰে (Jogen Mohan and Bimal Bora organizes press conference) যে, ডিমা হাছাওৰ দুৰ্গতসকলক সহায় কৰিবলৈ অসম চৰকাৰ সাজু ৷

jogen-mohan-and-bimal-bora-organizes-press-conference-in-dima-hasao
ডিমা হাছাওৰ দুৰ্গতসকলক সহায় কৰিবলৈ অসম চৰকাৰ সাজু

ডিমা হাছাও, 19 মে’:প্ৰকৃতিৰ ৰোষত পৰিছে ডিমা হাছাও ৷ ধ্বংসস্তূপত পৰিণত 'উত্তৰ-পূৱ ভাৰতৰ মিনি চুইজাৰলেণ্ড' (Dima Hasao Tragedy) খ্যাত ডিমা হাছাও । বৃহস্পতিবাৰে ডিমা হাছাওৰ বৰ্তমানৰ পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে মাইবাঙত আহি উপস্থিত হয় ৰাজ্যৰ দুৰ্যোগ প্ৰশমন বিভাগ তথা ৰাজ্যৰ পাৰ্বত্য এলেকা উন্নয়ন বিভাগৰ মন্ত্ৰী যোগেন মহন (Jogen Mohan visited in Dima Hasao) আৰু শক্তিমন্ত্ৰী বিমল বৰা (Bimal Bora visited Dima Hasao) ।

ডিমা হাছাওৰ দুৰ্গতসকলক সহায় কৰিবলৈ অসম চৰকাৰ সাজু

তাৰ পিছতে সন্ধিয়া এখন সংবাদমেল আয়োজন কৰি মন্ত্ৰী যোগেন মোহন আৰু শক্তি মন্ত্ৰী বিমল বৰাই কয় (Jogen Mohan and Bimal Bora organizes press conference), প্ৰাকৃতিক দুৰ্যোগৰ কৱলত পৰি ডিমা হাছাওৰ যথেষ্ট ক্ষতি হৈছে ৷ ৰে’লপথৰ লগতে বাট-পথ বন্ধ হৈ পৰিছে ৷ লগতে বহু লোক গৃহহীন হৈ পৰিছে বুলি মন্তব্য কৰে মন্ত্ৰীদ্বয়ে । ইয়াৰোপৰি, এই প্ৰাকৃতিক দুৰ্যোগৰ কৱলত পৰি বহু লোকৰ ঘৰ-দুৱাৰ ভূমিস্খলনৰ ফলত ভাঙি-চিঙি চূৰমাৰ হৈ পৰিছে ৷

এইপৰ্যন্ত পাহাৰীয়া জিলাখনৰ বিভিন্ন ঠাইত কিমান ক্ষয়ক্ষতি হৈছে এই সন্দৰ্ভত একো জানিব পৰা নাই বুলি মন্ত্ৰীদ্বয়ে জানিব দিয়ে ৷ কিয়নো ভূমিস্খলনৰ ফলত সম্প্ৰতি বাট-পথসমূহ বন্ধ হৈ পৰিছে । জিলা প্ৰশাসন আৰু উত্তৰ কাছাৰ পাৰ্বত্য পৰিষদে এই সন্দৰ্ভত সঠিক তথ্য সংগ্ৰহ কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে বুলি মন্তব্য কৰি যোগেন মোহনে কয় যে, প্ৰাকৃতিক দুৰ্যোগৰ কৱলত পৰা ডিমা হাছাও ৰাইজৰ লগত ৰাজ্য চৰকাৰ আছে ৷

তাৰোপৰি দুৰ্গতসকলক সকলো সহায়-সহযোগিতা আগবঢ়াই ৰাজ্য চৰকাৰ সদায় সাজু বুলি সংবাদমেলত মন্তব্য কৰে ৰাজ্যৰ দুই মন্ত্ৰীয়ে ।

লগতে পঢ়ক :মুখ্যমন্ত্ৰীৰ নিৰ্দেশত মন্ত্ৰী যোগেন মহন আৰু মন্ত্ৰী বিমল বৰা হাফলঙত উপস্থিত

ABOUT THE AUTHOR

...view details