ডিমা হাছাও, 3 জুন: ডিমা হাছাও জিলাৰ সদৰ চহৰ হাফলঙত এগৰাকী যুৱতীৰ শ্লীলতাহানি কৰাৰ অভিযোগত পনদেছ চেংয়ুংওৰফে জিপসিঙক অৱশেষত গ্ৰেপ্তাৰ কৰিছে হাফলং আৰক্ষীয়ে । আৰক্ষীয়ে ৱান্টেড ঘোষণা কৰা পনদেছ চেংয়ু ওৰফে জিপসিঙৰ কোনো ব্যক্তিয়ে খবৰ দিলে 50 হাজাৰ টকা পুৰস্কাৰ দিয়া হব বুলি ঘোষণা কৰিছিল । ইমানদিনে শ্লীলতাহানিৰ অভিযোগত অভিযুক্ত পনদেছ চেংয়ুং পলাতক হৈ আছিল ।
লম্পট জিপসিঙক অৱশেষত গ্ৰেপ্তাৰ হাফলং আৰক্ষীৰ - আৰক্ষীয়ে ৱান্টেড ঘোষণা কৰা পনদেছ চেংয়ু ওৰফে জিপসিঙৰ
আৰক্ষীয়ে ৱান্টেড ঘোষণা কৰা পনদেছ চেংয়ু ওৰফে জিপসিঙৰ কোনো ব্যক্তিয়ে খবৰ দিলে 50 হাজাৰ টকা পুৰস্কাৰ দিয়া হব বুলি ঘোষণা কৰিছিল । অৱশেষত জিপসিঙক গ্ৰেপ্তাৰ কৰিছে হাফলং আৰক্ষীয়ে ।
লম্পট জিপসিঙক অৱশেষত গ্ৰেপ্তাৰ হাফলং আৰক্ষীৰ
অৱশেষত শুক্ৰবাৰে হাফলঙৰ ওচৰতে থকা চনটিলাৰ পৰা পনদেছ চেংয়ুংক গ্ৰেপ্তাৰ কৰে হাফলং আৰক্ষীয়ে । উল্লেখযোগ্য কিছুদিন আগতে হাফলং জিলা ক্ৰীড়া সংস্থাৰ খেলপথাৰৰ ওচৰৰ পথৰে যোৱাৰ সময়ত এগৰাকী যুৱতীৰ শ্লীলতাহানিৰ চেষ্টা কৰিছিল এই পনদেছ চেংয়ুং ওৰফে জিপসিং নামৰ লম্পটটোৱে । ইয়াৰ পিচতে যুৱতী গৰাকীয়ে হাফলং থানাত জিপসিঙৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰাৰ পিচতে এই লম্পটটো পলায়ন কৰিছিল ৷
লগতে পঢ়ক:দুবছৰৰ মুৰত মক্কা-মদিনালৈ ওলাইছে তিনি সহস্ৰাধিক হজযাত্ৰী