ডিমা হাছাও, ২০ ছেপ্টেম্বৰ: জাকে জাকে পৰিভ্ৰমী পক্ষীৰ আগমণ ঘটিছে ডিমা হাছাও জিলাৰ জাতিংগালৈ । দেশ বিদেশৰ পৰা অহা বিভিন্ন প্ৰজাতিৰ পক্ষীৰ কাকলিত মুখৰ হৈছে পাহাৰীয়া জিলাখন । প্ৰতি বছৰৰ দৰে এইবাৰো জাতিংগা মহোৎসৱৰ আয়োজন কৰা হৈছে ডিমা হাছাওত । ক'ভিড প্ৰট'কল মানি ২৯ আৰু ৩০ ছেপ্টেম্বৰত জাতিংগাত অনুষ্ঠিত কৰা হ'ব জাতিংগা মহোৎসৱ ।
সোমবাৰে উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লচাই এখন সাংবাদমেল সম্বোধন কৰি পৰ্যটন বিভাগৰ উদ্যোগত জাতিংগা মহোৎসৱ অনুষ্ঠিত কৰা হ'ব বুলি জানিবলৈ দিয়ে । তেওঁ কয় যে, ২৯ ছেপ্টেম্বৰত জাতিংগাৰ ৰেটজলত পৰ্যটকৰ বাবে হোম ষ্টে-ৰ উদ্বোধন কৰা হ'ব । হোম ষ্টে-ৰ বাবে চাৰিটা নতুন কটেজ নিৰ্মাণ কৰা হৈছে । ইয়াৰ উপৰিও উমৰাংচুৰ পানিমৰত পৰ্যটকৰ বাবে অতিথিশালা আৰু কটেজ নিৰ্মাণ কৰা হৈছে ।
সংবাদমেলত দেৱলাল গাৰ্লচাই পাহাৰীয়া জিলাখনৰ পৰ্যটনস্থলী, মন্দিৰ, নামঘৰ, গীৰ্জা আদিৰ বাহিৰ-ভিতৰ পৰিস্কাৰ কৰি ৰাখিবলৈ জিলাখনৰ ৰাইজক আহ্বান জনায় । তেওঁ কয় যে, ডিমা হাছাও জিলাৰ পৰ্যটনৰ ক্ষেত্ৰৰ উন্নয়নৰ বাবে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ যোৱা পাঁচ বছৰ ধৰি বিভিন্ন কাম কৰি আছে আৰু এই ক্ষেত্ৰত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে সকলো ধৰণৰ সহযোগিতা আগবঢ়াই আহিছে ।