ডিমা হাছাও ,১৫ অক্টোবৰ: ডিমা হাছাও জিলাত শুক্ৰবাৰ সন্ধিয়াৰে পৰা দুদিনীয়াকৈ জাতিংগা মহোৎসৱ (Jatinga Festival 2022) আৰম্ভ হৈছে । আজি জাতিংগা মহোৎসৱৰ অন্তিমটো দিন । শুক্ৰবাৰে নিশা ৫৪ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে জাতিংগা মহোৎসৱৰ উদ্বোধন কৰি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ ৰানু লাংথাচাই কয় যে জাতিংগা হৈছে বিশ্ব বিখ্যাত পৰিভ্ৰমী পক্ষীৰ বাবে । এই জাতিংগালৈ অহা পৰিভ্ৰমী পক্ষীৰ সংৰক্ষণ আৰু সুৰক্ষাৰ বাবেই জাতিংগা মহোৎসৱৰ আয়োজন কৰা বুলি তেওঁ কয় ।
উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষগৰাকীয়ে পুনৰ কয় যে অসমৰ অন্যতম পাহাৰীয়া জিলাখনক পৰ্যটনৰ ক্ষেত্ৰত উন্নত কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে ব্যাপক পদক্ষেপ গ্ৰহণ কৰিছে । পৰ্যটনৰ ক্ষেত্ৰত অসমৰ এই পাহাৰীয়া জিলাখন আগুৱাই গ'লে জিলাখনৰ অৰ্থনৈতিক উন্নয়ন হ'ব বুলি মন্তব্য কৰে ৰানু লাংথাচাই ।
শুক্ৰবাৰে জাতিংগা মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত আছিল ডিমাছা জেমি নগা জয়ন্তীয়া জাতি জনগোষ্ঠীৰ লোক নৃত্য আৰু বিভিন্ন সাংস্কৃতিক অনুষ্ঠান । জাতিংগা মহোৎসৱত ডিমা হাছাও জিলাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ হস্ততাত নিৰ্মিত বস্তুৰ প্ৰদৰ্শনী ষ্টল আৰু বিভিন্ন জাতি-জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্যৰ ষ্টল খোলা হৈছে । তদুপৰি জাতিংগা মহোৎসৱত চাইকেল ৰেলী আৰু বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আছে বুলি জানিবলৈ দিয়ে জাতিংগা মহোৎসৱৰ আহ্বায়ক জশৃংদাও ফংলোই । এইবাৰ ক'ভিড পৰিস্থিতি উন্নত হোৱাৰ বাবে জাতিংগা মহোৎসৱ উপভোগ কৰাৰ বাবে পৰ্যটকৰ ঢল নামিছে।