অসম

assam

ETV Bharat / state

বানৰ ক্ষতিপূৰণৰ দাবীত উপায়ুক্তক স্মাৰকপত্ৰ প্ৰদান ইণ্ডিজিনিয়াছ ষ্টুডেণ্ট ফ'ৰামৰ - ISF issue memorandum to DC demanding flood compensation

চাৰিলেন ঘাইপথ নিৰ্মান কামৰ বাবে যি সকল গাঁৱৰ বাসিন্দাৰ ভূমি ক্ষতি হৈছে তেওঁলোকক অনতিপলমে ক্ষতিপূৰণ প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰে ইণ্ডিজিনিয়াছ ষ্টুডেণ্ট ফ'ৰামছে ৷ লগতে যোৱা মে' মাহত ডিমা হাছাও জিলাত প্ৰাকৃতিক দুৰ্যোগৰ ফলত বান আৰু ভূমিস্খলনে যি সকলৰ ঘৰ নষ্ট হৈ পৰিছে এই সকল লোকক অনতিপলমে ক্ষতিপূৰণ প্ৰদান কৰিবলৈ এন চি হিলছ ইণ্ডিজিনিয়াছ ষ্টুডেন্টছ ফ'ৰাম আৰু ইণ্ডিজিনিয়াছ ৱ'মেন ফ'ৰামে ডিমা হাছাও জিলাৰ উপায়ুক্তক এখন স্মাৰকপত্ৰ প্ৰদান কৰে (ISF issue memorandum to DC demanding flood compensation)।

ISF issue memorandum to DC demanding flood compensation
ISF issue memorandum to DC demanding flood compensation

By

Published : Jul 13, 2022, 9:00 PM IST

ডিমা হাছাও 13 জুলাই: ৰাজ্যজুৰি প্ৰকৃতিৰ ভয়াবহ ৰূপ ৷ এইবাৰ বান আৰু ভূমিস্খলনৰ ফলত জুৰুলা হৈছে শিলচৰ ৷ বানৰ ক্ষতিপূৰণৰ দাবীত ডিমা হাছাও জিলা উপায়ুক্তক স্মাৰকপত্ৰ প্ৰদান ইণ্ডিজিনিয়াছ ষ্টুডেণ্ট ফ'ৰামৰ (Indigenous Student Forums) ৷

ইফালে শিলচৰ-সৌৰাষ্ট্ৰ ইষ্ট-ৱেষ্ট কৰিডৰ ইনৰিম বাংলাৰ পৰা হাৰেংগাজাওলৈকে চাৰিলেন ঘাইপথ নিৰ্মান কামৰ বাবে যি সকল গাঁৱৰ বাসিন্দাৰ ভূমি ক্ষতি হৈছে তেওঁলোকক অনতিপলমে ক্ষতিপূৰণ প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰে ইণ্ডিজিনিয়াছ ষ্টুডেণ্ট ফ'ৰামছে ৷ লগতে যোৱা মে' মাহত ডিমা হাছাও জিলাত প্ৰাকৃতিক দুৰ্যোগৰ ফলত বান আৰু ভূমিস্খলনে যি সকলৰ ঘৰ নষ্ট হৈ পৰিছে এই সকল লোকক অনতিপলমে ক্ষতিপূৰণ প্ৰদান কৰিবলৈ এন চি হিলছ ইণ্ডিজিনিয়াছ ষ্টুডেন্টছ ফৰামছ আৰু ইণ্ডিজিনিয়াছ ৱ'মেন ফৰামছে ডিমা হাছাও জিলাৰ উপায়ুক্তক এখন স্মাৰকপত্ৰ প্ৰদান কৰে (ISF issue memorandum to DC demanding flood compensation)।

বানৰ ক্ষতিপূৰণৰ দাবীত উপায়ুক্তক স্মাৰকপত্ৰ প্ৰদান ইণ্ডিজিনিয়াছ ষ্টুডেণ্ট ফৰামছৰ

বুধবাৰে জিলা উপায়ুক্তক সাক্ষাৎ কৰি ইণ্ডিজিনিয়াছ ষ্টুডেন্টছ ফৰামৰ সভাপতি ডেভিড কেভমে কয় যে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ইনৰিম বাংলাৰ পৰা হাৰেংগাজাওলৈকে চাৰিলেন ঘাইপথ নিৰ্মান কামৰ লগতে ভূমি আৰু কৃষি ভূমি বিধ্বস্ত হোৱাসকলক ক্ষতিপূৰণ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল ৷ যোৱা 23 জানুৱাৰীত এই সন্দৰ্ভত দিছপুৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগত ইণ্ডিজিনিয়াছ ষ্টুডেন্টছ ফ'ৰাম আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষ এক বৈঠকত মিলিত হৈছিল ৷ তেতিয়া ৰাজ্য চৰকাৰৰ ফালৰ পৰা 1,109 লাখ টকা আৱণ্টন হ'ব বুলি আশ্বাস দিছিল সংগঠনটোক ৷

কিন্তু এতিয়া এই বৈঠকৰ 6 মাহ পাৰ হোৱাৰ পিছতো এতিয়ালৈকে ক্ষতিগ্ৰস্ত গাঁৱৰ লোকসকলক ক্ষতিপূৰণ দিয়া নাই বুলি অভিযোগ উত্থাপন কৰে ৷ অহা 15 দিনৰ ভিতৰত ক্ষতিগ্ৰস্থ লোকসকলক ক্ষতিপূৰণ নিদিলে আন্দোলন কৰিবলৈ বাধ্য হ'ব বুলি জনায় ৷

যোৱা বৰ্ষত শিলচৰ-সৌৰাষ্ট্ৰ ইষ্ট-ৱেষ্ট কৰিডৰ চাৰিলেন ঘাইপথৰ নিৰ্মানৰ কাম 7 টা সংস্থাক দিয়া হৈছিল ৷ কিন্তু ঘাইপথটো মেৰামতি কৰাত ব্যৰ্থ হয় এই 7 সংস্থা ৷ ফলত নিৰ্মান সংস্থা সমূহক ব্লেক লিষ্ট কৰে জিলাখনৰ লোকে ৷

ইয়াৰ পিছতে ইনৰিম বাংলাৰ পৰা হাৰেংগাজাওলৈকে আগৰৱাল নিৰ্মান সংস্থাক কামৰ দায়িত্ব দিয়া হয় ৷ কিন্তু এই সংস্থাটোৱে চাৰিলেন ঘাইপথটোৰ এলাইনমেণ্ট সলনি কৰি এছ কাৰ্ভত সলনি কৰা হ'ব বুলি সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতে জাঙুৰ খাই উঠে সংগঠনটো ৷ সেই ঠাইত চাৰি লেন ঘাইপথ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ আগতে পূৰ্বৰ সকলো ক্ষতিপূৰণ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে প্ৰদান নকৰা পৰ্যন্ত এই পথৰ কাম কৰিব দিয়া নহ'ব বুলি মন্তব্য প্ৰকাশ কৰে সভাপতিগৰাকীয়ে ৷

লগতে পঢ়ক:Lumding-Badarpur railway service resume: দুমাহ পিছত লামডিং-বদৰপুৰ ৰেলপথত ৰে’লযাত্ৰা

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details