হাফলং, 25 এপ্ৰিল:26 এপ্ৰিলৰ পৰা ইণ্ডিজিনাচ পিপ'লচ ফ'ৰামে আহ্বান জনোৱা অনিৰ্দিষ্টকালীন ডিমা হাছাও জিলা বন্ধ সাময়িকভাৱে স্থগিত ৰখা হৈছে (Indigenous Peoples Forum Dima Hasao Bandh called off)। মঙলবাৰে এখন সংবাদমেল সম্বোধন কৰি ইণ্ডিজিনাচ পিপ'লচ ফ'ৰামৰ কাৰ্যকাৰী সভাপতি সমছুদ্বেনবে জেমিয়ে কয়, ৰাজ্য চৰকাৰে ইণ্ডিজিনাচ পিপ'লচ ফ'ৰামেৰ ডিমা হাছাও জিলাক দুভাগ কৰি দুখন পৃথক জিলা গঠনৰ দাবী সন্দৰ্ভত অহা 9 মে’ গুৱাহাটীত বৈঠকৰ বাবে আমন্ত্ৰণ জনোৱাৰ পিচতে সংগঠনটোৱে জিলা বন্ধ সাময়িকভাৱে স্থগিত ৰাখিছে (Press Meet of IPF)।
ইণ্ডিজিনাচ পিপ'লচ ফ'ৰামৰ কাৰ্যকাৰী সভাপতি সমছুদ্বেনবে জেমিয়ে পুনৰ কয় যে, অহা 9 মে'ত ৰাজ্য চৰকাৰৰ লগতে অনুষ্ঠিতব্য় বৈঠকত যদি ডিমা হাছাও জিলা দুভাগ কৰি পৃথক দুখন জিলা গঠনৰ দাবী লৈ আলোচনা ইতিবাচক নহয় তেনেহলে 9 মে'ৰ পিচতে আকৌ জিলা বন্ধ ঘোষণা কৰা হ'ব । সভাপতি সমছুদ্বেনবে জেমিয়ে অহা 9 মে'ত গুৱাহাটীত তেওঁলোকৰ দাবীলৈ অনুষ্ঠিতব্য় বৈঠক ইতিবাচক হ'ব বুলি আশা ব্যক্ত কৰে (IPF Discussion with Govt)।