নিউজ ডেস্ক, ২৬ জুন :নিষিদ্ধ ড্ৰাগছ এতিয়া এক মহামাৰীৰ ৰূপত দেখা দিছে । ড্ৰাগছৰ (Drugs) বাবে ধ্বংসৰ মুখলৈ গতি কৰিছে বহু নৱ প্ৰজন্ম । ধ্বংস হৈছে বহু পৰিয়াল । লগতে অমানিশা নামি আহিছে বহু প্ৰতিভাৰ ভৱিষ্যতলৈ ।
এইবোৰ কাৰণতে সমগ্ৰ বিশ্বজুৰি ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে২৬ জুনৰ দিনটো পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস (International drug abuse day) হিচাপে । এই দিৱসৰ লগত সংগতি ৰাখি ভাৰতৰ লগতে অসমৰ ভিন্ন প্ৰান্ততো পালন কৰা হৈছে বিভিন্ন সজাগতামূলক কাৰ্যসূচী । শনিবাৰে হাফলঙত ডিমা হাছাও আৰক্ষীৰ উদ্যোগত উদযাপন কৰা হয় এই দিৱস ।
হাফলং চহৰৰ বিভিন্ন ঠাইত ডিমা হাছাও আৰক্ষীয়ে মাদক দ্ৰব্য বৰ্জন কৰাৰ বাবে সজাগতা সৃষ্টিৰ বাবে বিভিন্ন ঠাইত পোষ্টাৰ-বেনাৰ লগাই যুৱ সমাজক মাদক দ্ৰব্য বৰ্জনৰ আহ্বান জনায় । হাফলং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পবন গায়নে কয় যে ড্ৰাগছৰ কবলত পৰি এচাম যুৱ সমাজ বিপথে পৰিচালিত হৈছে আৰু সমাজত ইয়াৰ ভয়ংকৰ প্ৰভাৱ পৰিছে । সেয়ে এই ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে ৰাজ্যত ব্যাপক অভিযান আৰম্ভ কৰিছে বুলি মন্তব্য কৰে বিষয়াগৰাকীয়ে ।