অসম

assam

ETV Bharat / state

ৰেডক্ৰছৰ উদ্যোগত ডিমা হাছাওত ক'ৰণাৰ ভয়াৱহতাক লৈ সজাগতা অভিযান - quarantine center

ইণ্ডিয়ান ৰেডক্ৰছ চ'চাইটিৰ ডিমা হাছাও জিলা শাখাৰ উদ্যোগত হাফলঙত কোভিড-19ৰ ওপৰত এক সজাগতামূলক কাৰ্যসূচী অনুস্থিত হৈ যায় । জিলা উপায়ুক্ত তথা ৰেডক্ৰছ চ'চাইটিৰ ডিমা হাছাও শাখাৰ চেয়াৰমেন পল বৰুৱাৰ নেতৃত্বত ৰেডক্ৰছ চ'চাইটিৰ সদস্য সকলে হাফলঙৰ বিভিন্ন কোৱাৰেণ্টাইন কেন্দ্ৰ সমূহত শুকুৰবাৰে এই সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰে ।

indian red cross awareness campaign
ৰেডক্ৰছৰ উদ্যোগত ডিমা হাছাওত ক'ৰণাৰ ভয়াবহতাক লৈ সজাগতা অভিযান

By

Published : Jun 19, 2020, 9:16 PM IST

ডিমা হাছাও, 19 জুন: ইণ্ডিয়ান ৰেডক্ৰছ চ'চাইটিৰ ডিমা হাছাও জিলা শাখাৰ উদ্যোগত হাফলঙত কোভিড-19ৰ ওপৰত এক সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত হৈ যায় । জিলা উপায়ুক্ত তথা ৰেডক্ৰছ চ'চাইটিৰ ডিমা হাছাও শাখাৰ চেয়াৰমেন পল বৰুৱাৰ নেতৃত্বত ৰেডক্ৰছ চ'চাইটিৰ সদস্য সকলে হাফলঙৰ বিভিন্ন কোৱাৰেণ্টাইন কেন্দ্ৰ সমূহত শুকুৰবাৰে এই সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰে ।

ৰেডক্ৰছৰ উদ্যোগত ডিমা হাছাওত ক'ৰণাৰ ভয়াৱহতাক লৈ সজাগতা অভিযান

কোভিড 19-ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি হাফলঙৰ বিভিন্ন কোৱাৰেণ্টাইন কেন্দ্ৰসমূহত এই সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰে ইণ্ডিয়ান ৰেডক্ৰছ চ'চাইটিয়ে । হাফলং চহৰৰ বিভিন্ন স্থানত স্থাপিত কোৱাৰেণ্টাইন কেন্দ্ৰত থকা ব্যক্তি সকলক সঘনে হাত ধোঁৱা,সামাজিক দুৰত্ব বর্তাই ৰখা,মুখত মাস্ক পৰিধান কৰা আদিৰ ওপৰত সকলোৰে মাজত সজাগতা আনিবৰ বাবে এই কাৰ্যসূচী গ্ৰহণ কৰা হয়। ইয়াৰ উপৰিও ক'ভিড-19 ৰ গোষ্ঠী সংক্ৰমণৰ পৰা বাচিবৰ বাবে চৰকাৰী নীতি নিৰ্দেশনা সমূহ মানি চলিবলৈকো সকলোকে আহ্বান জনায় ৰেডক্ৰছ চ'চাইটিৰ ভলণ্টিয়াৰ সকলে।

ৰেডক্ৰছৰ উদ্যোগত ডিমা হাছাওত ক'ৰণাৰ ভয়াৱহতাক লৈ সজাগতা অভিযান

লগতে চাওকঃ দেশত কোভিড-১৯ৰ পৰা আৰোগ্য লাভ ৰোগীৰ হাৰ ৫৩.৭৯ শতাংশলৈ বৃদ্ধি

ABOUT THE AUTHOR

...view details