হাফলং, ১৫ নৱেম্বৰ: ডিমা হাছাও জিলাৰ উদ্যোগ নগৰী হিচাবে পৰিচিত উমৰাংচ'ত তিনি বছৰে সম্পূৰ্ণ হোৱা নাই এছ ই এছ ট্রেইনিং চেণ্টাৰৰ কাম (SES Training Centre not completed in Umrangso) । উল্লেখ্য় যে যোৱা ২০১৯ চনৰ ২৫ ফেব্ৰুৱাৰী তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উমৰাংচ'ৰ পৰা পাঁচ কিলোমিটাৰ দূৰত থকা আনন্দৰাম বৰুৱা এছ ই এছ ট্রেইনিং চেণ্টাৰৰ আধাৰশিলা স্থাপন কৰিছিল (Sarbananda Sonowal laid foundation stone)। কিন্তু আজিলৈকে সম্পূৰ্ণ নহ'ল এই এছ ই এছ ট্রেইনিং চেণ্টাৰৰ কাম ।
তিনি বছৰেই অসম্পূৰ্ণ এছ ই এছ ট্রেনিং চেণ্টাৰৰ নিৰ্মাণ উমৰাংচ'ত নিৰ্মান হোৱা এই এছ ই এছ চেণ্টাৰৰ জৰিয়তে উক্ত এলেকাটোৰ উন্নয়নৰ পথ প্ৰস্তুত হ'ব বুলি আশা কৰিছিল জিলাখনৰ ৰাইজে । কিন্তু যোৱা তিনি বছৰেও উমৰাংচ'ৰ ৮ কিলোত আনন্দৰাম বৰুৱা এছ ই এছ ট্রেইনিং চেণ্টাৰৰ আংশিক চৌহদৰ পকী বেৰৰ বাহিৰে একো কামেই আৰম্ভ নহ'ল (Anundoram Barooah SES Training Center)।
উল্লেখযোগ্য যে ২০১৯ চনৰ ২৫ফেব্ৰুৱাৰীত তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই আনন্দৰাম বৰুৱা এছ ই এছ ট্রেইনিং চেণ্টাৰৰ আধাৰশিলা স্থাপন কৰিছিল যদিও পৰৱৰ্তী সময়ত কামৰ বিশেষ অগ্ৰগতি ৰাইজে প্ৰত্য়ক্ষ কৰা নাই । ইপিনে,এই এছ ই এছ ট্রেনিং চেণ্টাৰৰ বাবে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদে ৮ কিলোমিটাৰ এলেকাত ১০০০ বিঘা ভূমি আৱন্টন দিয়ে জিলা উপায়ুক্তক (North Cachar Hill Autonomous Council)।
উল্লেখ্য় যে এই এছ ই এছ ট্রেইনিং চেণ্টাৰ নিৰ্মাণৰ বাবে ৪৫০ কোটি ব্যয় ধার্য কৰা হৈছিল । এই ট্রেইনিং চেণ্টাৰৰ নিৰ্মাণৰ দায়িত্ব অৰ্পণ কৰিছিল গুৱাহাটীৰ বি এন গাৰোডীয়া নিৰ্মান সংস্থাক। অসমৰ অন্যতম পাহাৰীয়া জিলাখনত এই ট্রেইনিং চেণ্টাৰটো নিৰ্মাণৰ বাবে ৰাইজে চৰকাৰক কাৰ্যকৰী ব্য়ৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছে ।
লগতে পঢ়ক:Rock quarry collapsed in Mizoram: মিজোৰামত শিলৰ পাহাৰ খহি পোত যোৱা 10 শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ