ডিমা হাছাও,28 নৱেম্বৰ: ডিমা হাছাও জিলাৰ সদৰ ঠাই হাফলঙত শনিবাৰে চি জে এম আদালতৰ এটা অতিৰিক্ত ভৱন উদ্বোধন কৰা হয় ৷ হাফলং চহৰত থকা ডাক বাংলোক চি জে এম আদালতৰ অতিৰিক্ত ভৱন হিচাপে নতুনকৈ সজাই তোলাৰ পাছত শনিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন.কটিশ্বৰে অতিৰিক্ত ভৱনটো উদ্বোধন কৰে ৷
হাফলঙত চিজেএম আদালতৰ অতিৰিক্ত ভৱন উদ্বোধন - জিলা উপায়ুক্ত পল বৰুৱা
শনিবাৰে হাফলঙত চি জে এম আদালতৰ এটা অতিৰিক্ত ভৱন উদ্বোধন কৰা হয় ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন. কটিশ্বৰে উদ্বোধন কৰে অতিৰিক্ত ভৱনটো ৷
![হাফলঙত চিজেএম আদালতৰ অতিৰিক্ত ভৱন উদ্বোধন as_dima_hasao_inauguration_program_img_as10034](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9698135-thumbnail-3x2-jcs.jpg)
হাফলংত চিজেএম কোৰ্টৰ অতিৰিক্ত ভৱন উদ্বোধন
এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মানস ৰঞ্জন পাঠক, জিলা ন্যায়িক দণ্ডাধীশ অভিজিত ভট্টাচাৰ্য্য, চি জে এম বংকিম শৰ্মা, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ ৰানু লাংথাচা, জিলা উপায়ুক্ত পল বৰুৱা, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ প্ৰধান সচিব অমিতাভ ৰাজখোৱা ৷
লগতে পঢ়ক:প্ৰফুল্ল মহন্তৰ বৰঘৰত ৰাইজৰ দলৰ খোপনি !