অসম

assam

ETV Bharat / state

হাফলং অসামৰিক চিকিৎসালয়ত নতুন ক’ভিড চিকিৎসা কেন্দ্ৰ উদ্বোধন - Inauguration of new Covid Care Center at Hufflong

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ অধীনত থকা কাৰ্যনিৰ্বাহক সদস্য চেমুৱেল চাংছনে সোমবাৰে হাফলং অসামৰিক চিকিৎসালয়ত এক নতুন ক’ভিড কেয়াৰ চেণ্টাৰ উদ্বোধন কৰে ৷ ইয়াৰ লগতে চাংছনে জিলাখনত মজুত থকা কৰ’ণা প্ৰতিষেধকৰ কথা উল্লেখ কৰে ৷

inauguration-of-new-covid-care-center-at-hufflong-civil-hospital
হাফলং অসামৰিক চিকিৎসালয়ত উদ্বোধন নতুন ক’ভিড চিকিৎসা কেন্দ্ৰ

By

Published : Jun 1, 2021, 2:11 PM IST

ডিমা হাছাও,1 জুন:কৰ’ণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি সোমবাৰে হাফলং অসামৰিক চিকিৎসালয়ত এটা নতুন ক’ভিড কেয়াৰ চেণ্টাৰ মুকলি কৰা হয় ৷ চেণ্টাৰটো মুকলি কৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ অধীনত থকা কাৰ্যনিৰ্বাহক সদস্য চেমুৱেল চাংছনে ।

ক’ভিড চিকিৎসা কেন্দ্ৰটো উদ্বোধন কৰি চেমুৱেল চাংছনে কয় যে, যোৱা এক সপ্তাহত ডিমা হাছাওত কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা ব্যাপক হাৰত বৃদ্ধি পাইছে ৷ যাৰ বাবে হাস্পতালত ৰোগীৰ সংখ্যাও বৃদ্ধি পাইছে ৷ সেয়ে হাফলং অসামৰিক চিকিৎসালয়ৰ ক’ভিড ৱাৰ্ডত ৰোগীৰ বাবে বিচনাৰ সমস্যা হোৱাত ৰোগীসকলক ৱাৰ্ডৰ বাহিৰত ৰাখিবলগা হৈছে ।

হাফলং অসামৰিক চিকিৎসালয়ত উদ্বোধন নতুন ক’ভিড চিকিৎসা কেন্দ্ৰ

চেমুৱেলে জিলাখনত 1,410 গৰাকী লোক বৰ্তমানলৈকে কৰ’ণাত আক্ৰান্ত হৈ থকা বুলি প্ৰকাশ কৰে ৷ সম্প্ৰতি জিলাখনত 899 গৰাকী ৰোগী সক্ৰিয় হৈ আছে আৰু 820 গৰাকী ৰোগী হোম আইচ'লেচনত আছে বুলি কয় । চেমুৱেল চাংছনে যোৱা তিনি দিনত 3 গৰাকী ৰোগীৰ মৃত্যু হোৱা বুলি সদৰী কৰে ।

জিলাৰ গাঁৱসমূহত এতিয়া গণ সংক্ৰমণ আৰম্ভ হৈছে । যাৰ বাবে টীকাকৰণৰ ব্যৱস্থা কৰা হৈছে । তেওঁ কয় যে, স্বাস্থ্য বিভাগৰ টীকাকৰণৰ টাৰ্গেট হৈছে 1 লাখ 45 হেজাৰ, এতিয়ালৈকে 40 হাজাৰ টীকাকৰণ সম্পূৰ্ণ হৈছে । জিলাখনত বৰ্তমান স্বাস্থ্য বিভাগৰ হাতত 2,400 ড’জ কৰ’ণা প্ৰতিষেধক মজুত আছে বুলি জানিবলৈ দিয়ে চেমুৱেল চাংছনে ।

লগতে পঢ়ক : ৪৫-৬০ বছৰীয়া লোকৰ টীকাকৰণঃ দেশৰ ভিতৰতে শীৰ্ষত আছে ত্ৰিপুৰা

ABOUT THE AUTHOR

...view details