অসম

assam

ETV Bharat / state

বিগত 24 ঘন্টাত ডিমা হাছাওত 40 গৰাকী লোক ক'ভিড-19 ত আক্ৰান্ত

ডিমা হাছাও জিলাত পুনৰ বৃদ্ধি পাইছে কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যা ৷ জিলা স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে এই তথ্য ৷

In the last 24 hours, 40 people have been infected with COVID-19 in Dima Hasao
বিগত 24 ঘন্টাত ডিমা হাছাওত 40 গৰাকী লোক ক'ভিড-19 ত আক্ৰান্ত

By

Published : Nov 3, 2020, 7:21 PM IST

ডিমা হাছাও, 3 নৱেম্বৰ : ডিমা হাছাও জিলাত পুনৰ বৃদ্ধি পাইছে কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ বিগত 24 ঘন্টাত জিলাখনত 40 গৰাকী ব্যক্তি নতুনকৈ কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে । সোমবাৰে হাফলঙত 26 গৰাকী ব্যক্তিৰ দেহত কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ধৰা পৰাৰ পিচত হাফলঙত আৰু 14 গৰাকী ব্যক্তিৰ দেহত কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ধৰা পৰা বুলি জানিবলৈ দিয়ে স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ যুটীয়া সঞ্চালিকা ডঃ দিপালি বৰ্মনে ।

যুটীয়া সঞ্চালিকা ডঃ দিপালি বৰ্মনৰ মন্তব্য

ডঃ দিপালি বৰ্মনে কয় যে, ডিমা হাছাও জিলাত ক্ৰমাৎ কৰ'ণা ভাইৰাছ সংক্ৰমণৰ সংখ্যা হ্ৰাস পাইছিল । কিন্তু দুৰ্গা পূজাৰ পিচত আকৌ সংক্ৰমণৰ সংখ্যা বৃদ্ধি হোৱা দেখা গৈছে । সোমবাৰে হাফলং অসামৰিক চিকিৎসালয়ত 15 গৰাকী ব্যক্তিৰ কৰ'ণা টেষ্টৰ ৰিপোৰ্ট পজিটিভ আহে আৰু হাফলং চহৰৰ 11 গৰাকী ব্যক্তিৰ কৰ'ণা টেষ্টৰ ৰিপোৰ্ট পজিটিভ আহে বুলি জানিব দিয়ে ।

লগতে পঢ়ক :চাকৰিৰ নামত প্ৰতাৰণাৰ বলি 10 গৰাকীকৈ যুৱক

ইফালে, মঙলবাৰৰ দিনটোত হাফলঙত আৰু নতুনকৈ 14 গৰাকী ব্যক্তি কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে । 24 ঘণ্টাত হাফলঙত সৰ্বমুঠ 40 গৰাকী ব্যক্তি কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে ৷

উল্লেখযোগ্য যে, ডিমা হাছাও জিলাত কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈ 11 গৰাকী ৰোগীৰ মৃত্যু হৈছে । বৰ্তমানত হাফলং অসামৰিক চিকিৎসালয়ত 70 গৰাকী ৰোগীৰ চিকিৎসা চলি আছে বুলি স্বাস্থ্য বিভাগে তথ্য প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক :বেকী নৈৰ খহনীয়াই বিপদ মাতিছে জনীয়াৰ ছনপুৰাত

For All Latest Updates

ABOUT THE AUTHOR

...view details