ডিমা হাছাও, 17 নৱেম্বৰঃ ডিমা হাছাও জিলাত বহিৰাগত মুছলমান সম্প্ৰদায়ৰ লোক সকলক প্ৰদান কৰা নহয় কোনো ধৰণৰ চৰকাৰী সা-সুবিধা ৷ এই কথা মুকলিকৈ ঘোষণা উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাৰ ৷ মঙলবাৰে হাফলঙত বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰি দেৱলাল গাৰ্লোচাই কয়,6ষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত ডিমা হাচাওত মুছলমান সম্প্ৰদায়ৰ ভোটাৰৰ সংখ্যা প্ৰায় এহেজাৰ ৷ কিন্তু এই ক্ষেত্ৰত বহিৰাগত মুছলমান শ্ৰমিকসকলে ডিমা হাচাওৰ জনাজাতি ছোৱালীক বিয়া পাতি PRC আৰু ভূমিৰ পট্টা ল’ব বিচাৰিলে ইয়াৰ বিৰুদ্ধে ৰাইজ নিজে সজাগ হ’ব লাগিব ৷
ডিমা হাছাওত বহিৰাগত মুছলমানে নাপাব চৰকাৰী সুবিধাঃ দেৱলাল গাৰ্লোচা - ডিমা হাছাও
6ষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত ডিমা হাচাওত জনজাতি ছোৱালীক বিয়া পাতি PRC আৰু ভূমিৰ পট্টা ল’ব বিচৰা বহিৰাগত মুছলমান শ্ৰমিকসকলৰ বিৰুদ্ধে ৰাইজ সজাগ হ’ব লাগিব ৷ মঙলবাৰে হাফলঙত বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰি এই মন্তব্য দেৱলাল গাৰ্লোচাৰ ৷
ডিমা হাছাওত বহিৰাগত মুছলমানক প্ৰদান কৰা নহয় কোনো চৰকাৰী সুবিধাঃ দেৱলাল গাৰ্লোচা
কা বিৰোধী আন্দেলনৰ সময়ত বাহিৰৰ পৰা অহা মুছলমান সকলে কংগ্ৰেছৰ সাহসতেই সৰ্বানন্দ সোণোৱাল গ’ বেক,হিমন্ত বিশ্ব শৰ্মা গ’বেক,দেৱলাল গাৰ্লোচা গ’বেক ধ্বনি দিছিল বুলিও মন্তব্য কৰে মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে ৷ বহিৰাগত মুছলমান সকলক সুৰক্ষা দিয়াত ব্যস্ত কংগ্ৰেছ দল ৷ ইয়াৰ বিপৰীতে বিজেপি দলে সদায় অসমৰ খিলঞ্জীয়া লোকসকলক ৰক্ষণাবেক্ষণ প্ৰদান কৰি আহিছে ৷
লগতে পঢ়ক-ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ 2020–21 বৰ্ষৰ নামভৰ্তি ঘোষণা