ডিমা হাছাও, 13 জানুৱাৰী :ডিমাছাসকলৰ ঐতিহাসিক ৰণচণ্ডী মন্দিৰে পালে নতুন ৰূপ । ৰণচণ্ডী মন্দিৰ হ'ব পৰ্যটনৰ অন্যতম আকৰ্ষণীয় স্থলী (historic Ranchandi temple of Dimasa renovated) । এই ৰণচণ্ডী মন্দিৰ চৌহদত প্ৰৱেশ কৰিলেই ডিমাছা ৰজাৰ ইতিহাস সহজতেই অনুধাৱন কৰিব পৰা যাব (history of Dimasa kingdom) । অসমৰ অন্যতম পাহাৰীয়া জিলা হৈছে ডিমা হাছাও আৰু ডিমাছা ৰজাৰ অন্যতম ৰাজধানী হৈছে মাইবাং (historical place Maibang of Dima Hasao) ।
ডিমা হাছাও জিলাৰ সদৰ হাফলঙৰ পৰা 35 কিলোমিটাৰ দূৰত্বত থকা মাইবাঙৰ অৰ্থ হৈছে- মাই মানে ধান আৰু বাং হৈছে ভঁৰাল । মানে ধানৰ ভঁৰাল । এই ঐতিহাসিক মাইবাং চহৰ হৈছে ডিমাছা ৰজাৰ অন্যতম ৰাজধানী । 16 শতিকাত আহোমসকলৰ লগতে যুদ্ধত পৰাস্ত হৈ ডিমাপুৰৰ পৰা আহি মাইবাঙত নতুন কৰি ৰাজধানী স্থাপন কৰিছিল ডিমাছা ৰজাই । ৰজা মেঘনাৰায়ণে মাহৰ নৈৰ পাৰত এটা শিলেৰে তৈয়াৰ কৰিছিল এই ৰণচণ্ডী মন্দিৰ তথা শিলৰ ঘৰ নামে পৰিচিত এই স্মৃতিস্তম্ভ ।
এতিয়াও ডিমাছা ৰজাৰ ৰাজধানী মাইবাঙত ডিমাছা ৰজাৰ বিভিন্ন স্মৃতিস্তম্ভ বিদ্যমান । কিন্তু উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদ বা ৰাজ্য চৰকাৰৰ প্ৰত্নতত্ত্ব বিভাগে (Assam Government Department of Archaeology) এই স্মৃতিস্তম্ভ বোৰ সংৰক্ষণ কৰি ৰখাৰ বাবে কোনো পদক্ষেপ গ্ৰহণ কৰা নাছিল । অৱশেষত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ (North Cachar Hills Autonomous Council) মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাই নতুন ৰূপত সজাই-পৰাই তুলিছে ডিমাছাসকলৰ ঐতিহ্যময় এই ৰণচণ্ডী মন্দিৰ । ইয়াৰ লগতে নতুন ৰূপ লাভ কৰিছে ৰণচণ্ডী উদ্যানে । এখন আটকধুনীয়া তোৰণো নিৰ্মাণ কৰা হৈছে ।
ডিমাছা জনগোষ্ঠীৰ ঐতিহ্য সংৰক্ষণ কৰাৰ বাবে 2 বছৰ ধৰি নতুনকৈ সজাই তোলা হৈছে ৰণচণ্ডী উদ্যান । এই ৰণচণ্ডী মন্দিৰ চৌহদত ডিমাছা ৰজা-মহাৰাজা, মন্ত্ৰী-পুৰোহিত আদিৰ মূৰ্তিও স্থাপন কৰা হৈছে । লগতে ইয়াৰ চৌহদত প্ৰৱেশ কৰিলেই ডিমাছাসকলৰ ইতিহাস সহজেই অনুধাৱন কৰিব পৰা যাব । নতুন ৰূপ লাভ কৰা এই ৰণচণ্ডী মন্দিৰ আৰু ৰণচণ্ডী উদ্যানৰ শুকুৰবাৰে আনুষ্ঠানিক উদ্বোধন কৰে উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাই ।