ডিমা হাছাও, 9 অক্টোবৰ :তিনিদিনীয়া ভ্ৰমণসূচীৰে ডিমা হাছাও জিলাত উপস্থিত হৈছিল এছিয়ান গেমছৰ পদক বিজয়ী ধিং এক্সপ্ৰেছ হিমা দাস (Hima Das Dima Hasao visit) । অসম তথা দেশৰ গৌৰৱ হিমা দাস ডিমা হাছাও জিলা ভ্ৰমণ কালত পাহাৰীয়া জিলাখনৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি অভিভূত হৈ পৰে ।
অসমৰ এই পাহাৰীয়া জিলাখনক উত্তৰ-পূবৰ ছুইজাৰলেণ্ড বুলি মন্তব্য কৰি হিমা দাসে এই প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ পাহাৰীয়া জিলাখনলৈ আহিবলৈ সকলোকে আহ্বান জনায় ।
উত্তৰ পূবৰ ছুইজাৰলেণ্ড ডিমা হাচাও ভ্ৰমণৰ বাবে সকলোকে আহ্বান হিমা দাসৰ উল্লেখ্য, ডিমা হাচাও ভ্ৰমণসূচীৰ শেষৰ দিনটোত আজি ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে (Sports and youth affairs Department) হাফলংস্থিত এন এল দাওলাগাপু ষ্টেডিয়ামত এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে (Hima Das felicitated at Haflong) । এই সম্বৰ্ধনা অনুষ্ঠানত হিমা দাসক বিপুল সম্বৰ্ধনা জনোৱা হয় । অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোছা (Assam Minister Nandita Garlosa) আৰু ডিমা হাছাও জিলাৰ উপায়ুক্ত নাজৰিন আহমেদ ।
আনহাতে, উত্তৰ-কাছাৰ স্বায়ত্তশাসিত পৰিষদৰ প্ৰধান সচিব টি টি দাওলাগাপু, ডিমা হাছাও জিলা ক্ৰীড়া সংস্থাৰ কৰ্মকৰ্তা আৰু জিলাৰ বিভিন্ন ক্লাৱসমূহৰ কৰ্মকৰ্তাৰ লগতে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে ।
আনহাতে, আজি এন এল দাওলাগাপু ষ্টেডিয়ামত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত জিলাখনৰ বিভিন্ন স্থানৰ পৰা অহা ছাত্ৰ-ছাত্ৰী আৰু উদীয়মান খেলুৱৈসকলৰ লগত এক মত বিনিময় অনুষ্ঠানতো ভাগ লয় হিমা দাসে । তেওঁ এই মত বিনিময় অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলৰ উদ্দেশ্যে কয়, এক ভাল কেৰিয়াৰ গঢ়াৰ বাবে ক্ৰীড়া হৈছে এক মাধ্যম ।
উত্তৰ পূবৰ ছুইজাৰলেণ্ড ডিমা হাচাও ভ্ৰমণৰ বাবে সকলোকে আহ্বান হিমা দাসৰ উল্লেখ্য, অসমৰ বাবে গৌৰৱ কঢ়িয়াই অনা হিমা দাসে কয় ক্ৰীড়া ক্ষেত্ৰত সফলতা অৰ্জনৰ বাবে তেওঁক অসম চৰকাৰে অসম আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক পদত নিযুক্তি দিছে । যাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক ক্ৰীড়া ক্ষেত্ৰত মনোনিবেশ কৰি নিজৰ ভৱিষ্যত উজ্জ্বল কৰিবলৈও আহ্বান জনায় ।
লগতে পঢ়ক :ডিমা হাছাওত ১৬৯ গৰাকী ছাত্ৰ-ছাত্ৰীলৈ আনন্দৰাম বৰুৱা বঁটা