অসম

assam

By

Published : Apr 16, 2022, 10:12 PM IST

ETV Bharat / state

প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ কৱলত ডিমা হাছাও

প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ ফলত ডিমা হাছাওৰ (Heavy storm lashes Dima Hasao) 54 নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু 27 ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ আছিল ৷ লগতে বিগত 24 ঘণ্টাত বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ আছে জিলাখনত ৷

heavy-storm-lashes-dima-hasao
প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ কৱলত ডিমা হাছাও

ডিমা হাছাও, 16 এপ্ৰিল : প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ ফলত প্ৰাকৃতিক দুৰ্যোগৰ কৱলত পৰিছে অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাও (Heavy storm lashes Dima Hasao) । জিলাখনত বিগত তিনিদিন ধৰি চলা প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ ফলত শিলচৰ-সৌৰাষ্ট্ৰ ইষ্ট-ৱেষ্ট কৰিডৰ শিলচৰ-হাফলং 54 নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু 27 ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ আছিল ৷ যাৰ ফলত শতাধিক যানবাহন আবদ্ধ হৈ আছিল ৷

অৱশেষত শনিবাৰে দিনৰ 2 টা মান বজাত সাময়িকভাৱে সুচল কৰি তোলা হয় ৰাষ্ট্ৰীয় ঘাইপথটি । কিন্তু এনেদৰে বৰষুণ অব্যাহত থাকিলে আকৌ বন্ধ হৈ পৰিব পাৰে এই ৰাষ্ট্ৰীয় ঘাইপথটো (storm in Dima hasao ) । এই বৰষুণৰ ফলত জিলাখনৰ বিভিন্ন স্থানত ডাঙৰ ডাঙৰ গছ উঘালি পৰাৰ বাবে ব্যাপক ক্ষয়ক্ষতি হয় ৷ লগতে ধুমুহাৰ ফলত বহু ঠাইত মানুহৰ ঘৰ-দুৱাৰৰো ক্ষতি সাধন হয় ৷

প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ কৱলত ডিমা হাছাও

ইমানেই নহয় নিপকৰ জিৰিবাম বিদ্যুৎ প্ৰকল্পৰ পৰা হাফলং অহা 132 কে ভি -ৰ লাইন সম্পূৰ্ণ বিকল হৈ পৰে ৷ যাৰ বাবে সমগ্ৰ ডিমা হাছাও জিলাত বিদ্যুৎ সংযোগ বিগত 24 ঘণ্টাৰ পৰা বিচ্ছিন্ন হৈ আছে ৷ ইপিনে প্ৰচণ্ড বৰষুণৰ ফলত ডিমা হাছাও জিলাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানীৰ গ্ৰেভেটি লাইন বেয়া হৈ পৰে ৷ ফলত পানীৰ সোঁতে আৰু পাহাৰৰ পৰা খহি পৰা মাটিয়ে পাইপ লাইনত ক্ষতিসাধন কৰা বাবে হাফলং চহৰত পানী সৰবৰাহ বন্ধ হৈ পৰে ।

লগতে পঢ়ক :প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে পৰিস্থিতিৰ বুজ লʼবলৈ কাৰ্বি-আংলঙত মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details