ডিমা হাচাও, 8 জুনঃ সোমবাৰে সন্ধিয়া হাফলঙৰ আৱৰ্ত ভৱনত উপস্থিত হয় মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ৷ ডিমা হাছাও জিলাৰ COVID-19 সম্পৰ্কীয় সাম্প্ৰতিক পৰিস্থিতিৰ বুজ ল'বলৈ হাফলঙত উপস্থিত হয় মন্ত্ৰী গৰাকী ৷ জিলা উপায়ুক্ত পল বৰুৱা,আৰক্ষী অধীক্ষক জয়ন্ত সিং,উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিসদৰ চিইএম দেৱলাল গাৰ্লচা,পৰিষদৰ অধ্যক্ষ ৰাণু লাংথাচা,স্বাস্থ্য বিভাগৰ ইএম চেমুয়েল চাংচনৰ সৈতে জিলাৰ খনৰ সবিশেষ পৰিস্থিৰ বুজ ল'বলৈ এখন বৈঠকত মিলিত হয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷
COVID-19ৰ পৰিস্থিতি সম্পৰ্কে বুজ ল'বলৈ ডিমা হাছাওত উপস্থিত স্বাস্থ্য়মন্ত্ৰী - COVID-19ৰ পৰিস্থিতি সম্পৰ্কে বুজ ল'বলৈ ডিমা হাছাওত উপস্থিত স্বাস্থ্য়মন্ত্ৰী
ডিমা হাছাও জিলাৰ COVID-19 সম্পৰ্কীয় সাম্প্ৰতিক পৰিস্থিতিৰ বুজ ল'বলৈ সোমবাৰে সন্ধিয়া হাফলঙৰ আৱৰ্ত ভৱনত উপস্থিত হৈ এখন বৈঠকত মিলিত হয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷

health minister himanta biswa sarma visited dima hasao district
ডিমা হাছাও জিলাৰ COVID-19ৰ পৰিস্থিতি সম্পৰ্কে বুজ ল'লে স্বাস্থ্য়মন্ত্ৰীয়ে
স্বাস্থ্যমন্ত্ৰী গৰাকীৰ সৈতে উপস্থিত থাকে মন্ত্ৰী পীযুষ হাজৰিকা, সাংসদ পল্লব লোচন দাসৰ লগতে হৰেন সিং বে' আৰু কাৰ্বি-আংলং স্বায়ত্ব শাসিত পৰিসদৰ সিইএম তুলিৰাম ৰংহাং ৷ মঙলবাৰে পুৱাৰ ভাগত হাফলং অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰি হামৰেণ অভিমুখে ৰাওনা হ'ব স্বাস্থ্যমন্ত্ৰী গৰাকী ৷