অসম

assam

ETV Bharat / state

চাৰিদিনীয়া লক ডাউনৰ অন্তত পুনৰ খুলিল হাৰেংগাজাওৰ বজাৰ - 60 গৰাকী ব্যক্তিৰ দেহত কৰ'না ভাইৰাছ

60 গৰাকী কর্মচাৰী একেলগে কৰ'নাত আক্ৰান্ত হোৱাৰ পাছতেই হাৰেংগাজাওত ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছিল ৷ ইয়াৰ পাছতেই হাৰেংগাজাও বজাৰকে ধৰি স্থানীয় অঞ্চলসমূহত লক ডাউন ঘোষনা কৰিছিল নগৰ সমিতিয়ে ৷

চাৰিদিনীয়া লক ডাউনৰ অন্তত পুনৰ খুলিল হাৰেংগাজাওৰ বজাৰ
চাৰিদিনীয়া লক ডাউনৰ অন্তত পুনৰ খুলিল হাৰেংগাজাওৰ বজাৰ

By

Published : Sep 16, 2020, 1:56 PM IST

ডিমা হাছাও, 16 ছেপ্টেম্বৰ: দেশত ভয়াৱহভাৱে কৰ’ণা সংক্ৰমণ হোৱাৰ সমান্তৰালকৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত ভয়াৱহভাৱে বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা ৷ বিগত কিছুদিনত ডিমা হাছাও জিলাৰ হাৰেংগাজাওত একেলগে 60 গৰাকী ব্যক্তিৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে ৷

চাৰিদিনীয়া লক ডাউনৰ অন্তত পুনৰ খুলিল হাৰেংগাজাওৰ বজাৰ

ইয়াৰ পাছতেই 12 ছেপ্টেম্বৰৰ পৰা হাৰেংগাজাও নগৰ সমিতিয়ে জিলাখনত লক ডাউন ঘোষণা কৰিছিল ৷ উল্লেখ্য যে, 11 চেপ্টেম্বৰত বালাচৰাৰ পৰা হাৰেংগাজাও সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মান কাৰ্য্যত জড়িত চুচি ইনফ্ৰা প্ৰাইভেট লিমিটেড কোম্পানীৰ 60 গৰাকী কর্মচাৰী একেলগে কৰ'ণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছিল । তাৰ পিছতেই হাৰেংগাজাওত ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছিল আৰু হাৰেংগাজাও বজাৰকে ধৰি স্থানীয় অঞ্চলসমূহত স্থানীয়ভাৱে লক ডাউন ঘোষণা কৰা হৈছিল ৷ অৱশেষত বুধবাৰে হাৰেংগাজাও নগৰ সমিতি আৰু বজাৰ কমিটিকে ধৰি স্থানীয় ৰাইজে সম্পূৰ্ণ হাৰেংগাজাও বজাৰ চেনিটাইজ কৰি বজাৰ সমূহ খোলাৰ ব্যৱস্থা কৰিছে ৷

লগতে পঢ়ক :জালুকবাৰী আৰক্ষী চকীৰ পৰা পলাল আচামী

ABOUT THE AUTHOR

...view details