অসম

assam

ETV Bharat / state

হাফলঙত অনুষ্ঠিত হ'ব 48 সংখ্যক সদৌ অসম ওয়েট লিফটিং চেম্পিয়নশ্বিপ

অসম অলিম্পিক এচ'ছিয়েশ্বনৰ সহ-সচিব তথা অসম ওয়েট লিফটিং এচ'ছিয়েশ্বনৰ সাধাৰণ সম্পাদক ভৱজ্যোতি গোস্বামী চেম্পিয়নশ্বিপৰ প্ৰস্তুতি পৰিদৰ্শন কৰিবলৈ হাফলঙত উপস্থিত হয়হি।

haflong-weight-lifting-championship
হাফলঙত অনুষ্ঠিত হ'ব 48 সংখ্যক সদৌ অসম ওয়েট লিফটিং চেম্পিয়নশ্বিপ

By

Published : Dec 5, 2020, 8:50 PM IST

ডিমা হাছাও, 5 ডিচেম্বৰ:ডিমা হাছাও জিলা সদৰ চহৰ হাফলঙত অনুষ্ঠিত হ'ব 48 সংখ্যক সদৌ অসম আন্তঃজিলা ওয়েট লিফটিং চেম্পিয়নশ্বিপ । শুকুৰবাৰে অসম অলিম্পিক এচ'ছিয়েশ্বনৰ সহ-সচিব তথা অসম ওয়েট লিফটিং এচ'ছিয়েশ্বনৰ সাধাৰণ সম্পাদক ভৱজ্যোতি গোস্বামী চেম্পিয়নশ্বিপৰ প্ৰস্তুতি পৰিদৰ্শন কৰিবলৈ হাফলঙত উপস্থিত হয়হি।

হাফলঙত অনুষ্ঠিত হ'ব 48 সংখ্যক সদৌ অসম ওয়েট লিফটিং চেম্পিয়নশ্বিপ

শনিবাৰে ডিমা হাছাও জিলা ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি ভৱজ্যোতি গোস্বামীয়ে কয় যে. হাফলং বডী বিল্ডিং ওয়েট লিফটিং ক্লাৱৰ সহযোগত আৰু অসম ওয়েট লিফটিং এছোচিয়েচনৰ উদ্যোগত অহা 26 ডিচেম্বৰৰ পৰা 29 ডিচেম্বৰলৈকে হাফলংত অনুষ্ঠিত হব 48 সংখ্যক সদৌ অসম ওয়েট লিফটিং চেম্পিয়নশ্বিপ।

লগতে সংবাদ মেলত তেওঁ উল্লেখ কৰে যে, এই চেম্পিয়নশ্বিপত থাকিব অনুৰ্দ্ধ 17 বয়েজ আৰু গাৰ্লছ কেটেগৰী অনুৰ্দ্ধ 20 কেটেগৰী আৰু চিনিয়ৰ পুৰুষ মহিলা ।

লগতে পঢ়ক: MSP, APMC সন্দৰ্ভত কেন্দ্ৰক সমালোচনা ৰাহুল গান্ধীৰ

ABOUT THE AUTHOR

...view details