ডিমা হাছাও, ২০ মে': মৰণফান্দত পৰিণত হাফলং-শিলচৰ সংযোগী ৫৪ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ । নিৰ্বিকাৰ কৰ্তৃপক্ষ ৷ প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ দিনতেই সুদীৰ্ঘ ২০ বছৰতকৈও অধিক কালচোৱা শিলচৰ-সৌৰাষ্ট্ৰ চাৰিলেনযুক্ত পূব-পশ্চিম ক’ৰিডৰ নিৰ্মানৰ কাম চলি আছে । কিন্তু আজি লৈকে শেষ হোৱা নাই নিৰ্মাণৰ কাম । পথৰ জৰাজীৰ্ণ অৱস্থাই দুৰ্ভোগ ভোগাইছে সাধাৰণ ৰাইজক ৷ শোচনীয় অৱস্থাত হাফলং-শিলচৰ ৫৪ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ডিটেকচৰাৰ পৰা বালাচৰা পৰ্যন্ত অংশ ।
কেন্দ্ৰীয় চৰকাৰৰ এনএইচআইডিচিএলৰ অধীনৰ চুছি ইনফ্ৰা প্ৰাইভেট লিমিটেড নামৰ নিৰ্মান সংস্থাটোৱে বৰ্তমান এই অংশ ঘাইপথ নিৰ্মাণৰ কাম চলাই আছে । কিন্তু বিগত বছৰৰ অধিক কালচোৱা ধৰি এই নিৰ্মান সংস্থাটোৱে পথ নিৰ্মাণৰ বাবে পাহাৰ খনন কৰি আহিছে । যাৰবাবে ঘাইপথটো সম্পূৰ্ণ ৰূপত এতিয়া মৰণ ফান্দত পৰিণত হৈছে । এই ঘাইপথটোৱেই যোগাযোগৰ একমাত্ৰ সম্বল ৷