অসম

assam

ETV Bharat / state

হাফলঙত গণতন্ত্ৰ দিৱস পালন - উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাই জাতীয় পতাকা উত্তোলন কৰে

হাফলং চৰকাৰী বাগান অসম ৰাইফলছ খেলপথাৰত জিলা প্ৰশাসনৰ উদ্যোগত গণতন্ত্ৰ দিৱস আয়োজন কৰা হয় । অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাই জাতীয় পতাকা উত্তোলন কৰে ।

By

Published : Jan 26, 2021, 8:06 PM IST

ডিমা হাছাও, ২৬ জানুৱাৰী :সমগ্ৰ ৰাজ্য়ৰ লগতে ডিমা হাছাও জিলাতো ৭২ সংখ্যক গণতন্ত্ৰ দিৱস বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হয় । হাফলং চৰকাৰী বাগান অসম ৰাইফল খেলপথাৰত জিলা প্ৰশাসনৰ উদ্যোগত গণতন্ত্ৰ দিৱস আয়োজন কৰা হয় । গণতন্ত্ৰ দিৱসৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাই পুৱা ৯ বজাত জাতীয় পতাকা উত্তোলন কৰি বিভিন্ন উন্নয়ন মূলক কামৰ কথা তুলি ধৰে ।

হাফলঙত গণতন্ত্ৰ দিৱস পালন

প্ৰথমে অসম ৰাইফলছ খেলপথাৰত গণতন্ত্ৰ দিৱসৰ অনুষ্ঠানত উপস্থিত থাকি অসম আৰক্ষী বেটেলিয়ান, গৃহৰক্ষী বাহিনী আৰু কলেজৰ এনচিচি দলৰ অভিবাদন গ্ৰহণ কৰে দেৱলাল গাৰ্লোচাই । দুপৰীয়া হাফলং জিলা গ্ৰন্থাগাৰ প্ৰেক্ষাগৃহত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ প্ৰাক্তন সদস্য সকলৰ পেঞ্চন প্ৰকল্পৰ উদ্বোধন কৰে দেৱলাল গাৰ্লোচাই ।

হাফলঙত গণতন্ত্ৰ দিৱস পালন

উল্লেখ যে ১৯৫২ চনতে গঠন হৈছিল উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব পৰিষদ কিন্তু ইমান দিন পাৰ্বত্য পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য, অধ্যক্ষ, কাৰ্য নিৰ্বাহক সদস্য আৰু সদস্য সকলৰ পেঞ্চনৰ ব্য়ৱস্থা হোৱা নাছিল কিন্তু গণৰাজ্য় দিৱসৰ বিশেষ দিনটোত এই পেঞ্চন প্ৰকল্প আৰম্ভ কৰে দেৱলাল গার্লোচাৰ নেতৃত্বত থকা পৰিষদ খনে ।

লগতে পঢ়ক :কোকৰাঝাৰত গণৰাজ্য় দিৱসত ৮ খন নতুন নগৰৰ ঘোষণা

ABOUT THE AUTHOR

...view details