ডিমা হাছাও, 4 জুলাই :কৰ'ণাৰ (Corona) সংক্ৰমণ সমগ্ৰ ৰাজ্যতে অব্যাহত থকাৰ বাবে প্ৰতিখন জিলাতে সান্ধ্য আইনো (Night curfew) চলি আছে । কিন্তু এই লক ডাউনত দিনে-নিশাই কাম কৰি গৈছে পৌৰ নিগমৰ চাফাই কৰ্মচাৰীসকলে । পিছে এনে জটিল পৰিস্থিতিৰ মাজত কাম কৰিও দৰমহাৰ পৰা বঞ্চিত একাংশ কৰ্মচাৰী । হাফলং মিউনিচিপাল ব'ৰ্ডৰ (Haflong Municipal Board) চাফাই কৰ্মীসকল নিজৰ দৰমহাৰ পৰা বঞ্চিত হৈ আছে বুলি জানিব পৰা গৈছে ৷
৩৫ গৰাকী চাফাই কৰ্মীয়ে যোৱা ১১ মাহ ধৰি দৰমহাৰ পৰা বঞ্চিত হৈ থকাৰ অভিযোগ উত্থাপন কৰিছে । যাৰ বাবে এতিয়া অনিৰ্দিষ্টকালৰ বাবে কৰ্মবিৰতি (Strike) ঘোষণা কৰিছে কৰ্মচাৰীসকলে । যোৱা চাৰিদিনৰ পৰা এই চাফাই কৰ্মীসকলে কৰ্মবিৰতি পালন কৰি আছে ৷ এতিয়ালৈ চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰিছে কৰ্মচাৰীসকল ।
এফালে সমগ্ৰ ৰাজ্যতে এতিয়াও কৰ'ণা সংক্ৰমণ অব্যাহত আছে আনফালে লক ডাউন (Lockdown) ৷ যাৰ বাবে যোৱা ১১ মাহৰ দৰমহা নাপাই চাফাই কৰ্মীসকলৰ অৱস্থা শোচনীয় হৈ পৰিছে । চাফাই কৰ্মচাৰীসকলে পৰিয়াল চলোৱাৰ ক্ষেত্ৰত যথেষ্ট সমস্যাত পৰিবলগা হৈছে ।