অসম

assam

By

Published : Jul 14, 2022, 10:18 AM IST

ETV Bharat / state

Deprivation of Salary of Employee: 18 মাহ ধৰি দৰমহাৰ পৰা বঞ্চিত হাফলং পৌৰ বৰ্ডৰ কৰ্মচাৰী

সুদীৰ্ঘ 18 মাহে প্ৰাপ্য দৰমহা লাভৰ পৰা বঞ্চিত হৈছে হাফলং পৌৰ বৰ্ডৰ কৰ্মচাৰীসকল (Haflong Municipal Board employees deprived of salary) ৷ তীব্ৰ আৰ্থিক সংকটত ভুগিব লগা হৈছে এইসকল কৰ্মচাৰীয়ে ৷ হাফলং পৌৰ বৰ্ডৰ কৰ্মচাৰীসকলে কৰ্তৃপক্ষক তেওঁলোকৰ 18 মাহৰ প্ৰাপ্য দৰমহা মোকলাই দিয়াৰ দাবী জনাইছে ৷

Salary of Haflong Municipal Board staff not paid for 18 months
18 মাহ ধৰি দৰমহাৰ পৰা বঞ্চিত হাফলং পৌৰ বৰ্ডৰ কৰ্মচাৰীসকল

ডিমা হাছাও, 14 জুলাই:সুদীৰ্ঘ 18 মাহে প্ৰাপ্য দৰমহা লাভৰ পৰা বঞ্চিত হৈছে হাফলং পৌৰ বৰ্ডৰ কৰ্মচাৰীসকল (Haflong Municipal Board employees deprived of salary) ৷ নিজৰ প্ৰাপ্য লাভ নকৰাত পানীত হাঁহ নচৰা অৱস্থা হৈছে এইসকল কৰ্মচাৰীৰ । তীব্ৰ আৰ্থিক সংকটত ভুগিব লগা হৈছে এই লোকসকলে । দোকানৰ মালিকসকলেও তেওঁলোকক অত্যাৱশ্যকীয় সামগ্ৰীসমূহ বাকীত দিবলৈ কুণ্ঠাবোধ কৰা হৈছে বুলি অতি দুখেৰে জনায় এইসকল দুৰ্ভগীয়া কৰ্মচাৰীয়ে ৷ কিয়নো বিগত 18 মাহে দৰমহা নোপোৱাত দোকানক সময়ত ধন দিব নোৱাৰাৰ বাবে বাকীও নিদিয়া হৈছে দোকানীয়ে (Shopkeeper does not give goods due to non-payment) ৷

18 মাহ ধৰি দৰমহাৰ পৰা বঞ্চিত হাফলং পৌৰ বৰ্ডৰ কৰ্মচাৰীসকল

আনকি সন্তানৰ বিদ্যালয়ৰ মাচুলো সময়মতে দিব পৰা নাই কৰ্মচাৰীসকলে ৷ ফলত মূৰে-কপালে হাত দিছে এইসকল কৰ্মচাৰীয়ে ৷ ইফালে দৰমহা নাপালেও কাৰ্যালয়ত উপস্থিত থাকিব লগা হয় এই কৰ্মচাৰীসকল ৷ সেয়ে হাফলং পৌৰ বৰ্ডৰ কৰ্মচাৰীসকলে কৰ্তৃপক্ষক তেওঁলোকৰ 18 মাহৰ দৰমহা শীঘ্ৰেই মোকলাই দিয়াৰ দাবী জনাইছে ৷

ইপিনে হাফলং পৌৰ বৰ্ডৰ হেড এচিষ্টেণ্টগৰাকীয়ে হাফলং পৌৰ বৰ্ডৰ অন্তৰ্গত বিভিন্ন চৰকাৰী বিভাগৰ পৰা পাব লগা ৰাজহ সময়ত সংগ্ৰহ নকৰাৰ বাবেই এই অনিয়মীয়া দৰমহাৰ সমস্যা হৈছে বুলি সংবাদমাধ্যমৰ আগত কয় (Payment of holding Tax under Haflong Municipal Board) ৷ ইফালে বিভিন্ন চৰকাৰী বিভাগৰ ৰাজহ হাফলং পৌৰ বৰ্ডত নিয়মিত জমা নিদিয়াৰ বাবে এনে সমস্যাৰ সৃষ্টি হোৱা বুলি মন্তব্য কৰে পৌৰ বৰ্ডৰ হেড এচিষ্টেণ্টগৰাকীয়েও ৷

তাৰোপৰি বিগত 18 মাহ ধৰি নিজেও দৰমহা নোপোৱাৰ কথা উল্লেখ কৰি হাফলং পৌৰ বৰ্ডৰ অধ্যক্ষই দৰমহাৰ এই সমস্যাৰ সমাধান কৰিব পাৰে বুলি মন্তব্য কৰে হেড এচিষ্টেণ্টগৰাকীয়ে ।

লগতে পঢ়ক:Drugs Paddler Arrested: ধুবৰীত গ্ৰেপ্তাৰ তিনি ড্ৰাগছ মাফিয়া

ABOUT THE AUTHOR

...view details