অসম

assam

ETV Bharat / state

হাফলং বজাৰত পথত ৰাখাই থোৱা বাহনত অগ্নিসংযোগ দুৰ্বৃত্তৰ - ডিমা হাছাও

মঙলবাৰে হাফলং বজাৰত পথত ৰখাই থোৱা বাহনত অগ্নিসংযোগ কৰে দুৰ্বৃত্তই ৷ স্থানীয় লোকে জুই প্ৰত্যক্ষ কৰি অগ্নি নিৰ্বাপক বাহিনীক অৱগত কৰে ৷

as_dimahasao_haflong-market-fire_vis_AS10034
হাফলং বজাৰত পথত ৰাখাই থোৱা বাহনত অগ্নিসংযোগ দুৰ্বৃত্তৰ

By

Published : Nov 25, 2020, 2:24 PM IST

ডিমা হাছাও, 25 নৱেম্বৰঃডিমা হাছাও জিলাৰ সদৰ হাফলঙত মঙলবাৰে নিশা পথৰ কাষত ৰাখাই থোৱা এখন স্কুটীত অগ্নি সংযোগ কৰে দুৰ্বৃত্তই ৷ কিন্তু সৌভাগ্যক্ৰমে স্কুটীখনৰ তেলৰ টেংকীত অগ্নিসংযোগ নহয় ৷ ফলত এক ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা পৰে হাফলং বজাৰ ৷ অগ্নিকাণ্ড প্ৰত্যক্ষ কৰি চুবুৰীয়া এটা পৰিয়ালে চিঞৰ বাখৰ কৰাত ৰাইজ একত্ৰিত হৈ জুই নিৰ্বাপনৰ চেষ্টা চলায় ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ লোক উপস্থিত হয় ৷

হাফলং বজাৰত পথত ৰাখাই থোৱা বাহনত অগ্নিসংযোগ দুৰ্বৃত্তৰ

উল্লেখ্য যে,বিগত কিছু দিন ধৰি নিচাজাতীয় দ্ৰব্যৰ উপৰিও বিভিন্ন অসামাজিক কাৰ্যকলাপ বৃদ্ধি পাইছে চহৰখনত ৷ কিন্তু এই সন্দৰ্ভত আৰক্ষীয়ে সম্পূৰ্ণ নিষ্ক্ৰিয় ভূমিকা পালন কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ ইয়াৰ মাজতে কিছুদিন পূৰ্বে হাফলঙৰ হাগজেৰ নগৰত এঘৰ মানুহৰ ঘৰত প্ৰৱেশ কৰি দুৰ্বৃত্তৰ দলে আচ-বাবৰ লগতে যান বাহনো ক্ষতিগ্ৰস্ত কৰে ৷ ৰাইজে অতিশীঘ্ৰে দুৰ্বৃত্তক কৰায়ত্ব কৰিবলৈ আহ্বান জনাইছে আৰক্ষীক ৷

লগতে পঢ়ক-শিক্ষা কেলেংকাৰী : ধনৰ বিনিময়ত প্ৰদান বৃ্ত্তিমূলক প্ৰশিক্ষণৰ প্ৰমাণ পত্ৰ

ABOUT THE AUTHOR

...view details