অসম

assam

ETV Bharat / state

বৰ্তমানেও সজাগ নহয় হাফলঙবাসী

বৰ্তমানেও সজাগ হোৱা নাই ডিমা হাছাও জিলাৰ সাধাৰণ ৰাইজ ৷ মহামাৰী কৰ'ণা ভাইৰাছ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 21 দিনৰ লক ডাউনৰ ঘোষণা কৰাৰ পাচতো ডিমা হাছাও জিলাৰ সাধৰণ জনতা সচেতন নহোৱাৰ অভিযোগ সচেতন ৰাইজৰ ৷

ডিমা হাছাও
বৰ্তমানেও সজাগ নহয় হাফলঙবাসী

By

Published : Mar 25, 2020, 7:49 PM IST

ডিমা হাছাও, 25 মাৰ্চঃ কৰ'ণা ভাইৰাছ অৰ্থা COVID-19 ৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি আৰু দেশবাসীক উদ্দেশি প্ৰধানমন্ত্ৰীয়ে 24 মাৰ্চৰ সন্ধিয়া পৰা আগন্তুক 14 এপ্ৰিললৈ সমগ্ৰ দেশত তলা বন্ধৰ ঘোষণা কৰে ৷ তলা বন্ধৰ সময়ছোৱাত বিনা কামত ঘৰৰ পৰা নোলাবলৈ আহ্বান জনাইছিল প্ৰধানমন্ত্ৰী গৰাকীয়ে । কিন্তু প্ৰধানমন্ত্ৰীৰ এই আহ্বান অমান্য কৰে ডিমা হাছাও জিলাৰ ৰাইজে ৷ ডিমা হাছাৱৰ হাফলংত বু​ধবাৰে চৰকাৰী নীতি-নিয়ম অমান্য কৰি সাধৰণ নাগৰিক বাহিৰলৈ ওলাই অহা পৰিলক্ষিত হয় । ব্যক্তিগত যানবাহন লৈ ৰাজপথলৈ ওলাই আহিল ৰাইজ । আনকি যাত্ৰী লৈ অটোৰিক্সা চলাচল কৰা পৰিলক্ষিত হয় হাফলং চহৰৰ ৰাজপথত ৷ ইয়াৰ পাচতো নিষ্ক্ৰিয় আৰক্ষী আৰু জিলা প্ৰশাসন ।

বৰ্তমানেও সজাগ নহয় হাফলঙবাসী

ABOUT THE AUTHOR

...view details