অসম

assam

ETV Bharat / state

হাফলঙৰ দুটা কেন্দ্ৰত পুনৰ ভোটগ্ৰহণক লৈ প্ৰস্তুতি জিলা প্ৰশাসনৰ

অহা ২০ এপ্ৰিলত হাফলং সমষ্টিৰ দুটা ভোটগ্ৰহণ কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । নিৰ্বাচনক লৈ প্ৰস্তুতি অব্যাহত ৰাখিছে ডিমা হাছাও জিলা প্ৰশাসনে । এইবাৰ শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সষ্টম হৈছে প্ৰশাসন । যোৱা ১ এপ্ৰিল ভোটদানৰ সময়ত সমষ্টিটোৰ ১০৭ নং মুলদাম নিম্ন প্ৰাথমিক বিদ্যালয় আৰু ১০৭(A) নং খটলিয়াৰ নিম্ন প্ৰাথমিক বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানক লৈ বিসংগতিৰ সৃষ্টি হৈছিল ।

অহা ২০ এপ্ৰিলত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব হাফলং সমষ্টিৰ দুটা কেন্দ্ৰত
অহা ২০ এপ্ৰিলত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব হাফলং সমষ্টিৰ দুটা কেন্দ্ৰত

By

Published : Apr 12, 2021, 7:29 PM IST

ডিমা হাছাও, ১২ এপ্ৰিল: ডিমা হাছাও জিলাৰ হাফলং সমষ্টিৰ দুটা ভোটগ্ৰহণ কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত কৰাক লৈ এইবাৰ জিলা প্ৰশাসনে অধিক সতৰ্কতাৰে প্ৰস্তুতি চলাইছে । সমষ্টিটোৰ ১০৭ নং মুলদাম নিম্ন প্ৰাথমিক বিদ্যালয় আৰু ১০৭(A) নং খটলিয়াৰ নিম্ন প্ৰাথমিক বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰত ভোটৰ সংখ্যা আৰু ভোটাৰৰ সংখ্যাৰ মাজত খেলিমেলিৰ সৃষ্টি হোৱাৰ পিছতে নিৰ্বাচনী আয়োগে অহা ২০ এপ্ৰিলত কেন্দ্ৰ দুটাত পুনৰ ভোটগ্ৰহণৰ অনুষ্ঠিত কৰাৰ বাবে অধিসূচনা জাৰি কৰে ।

অহা ২০ এপ্ৰিলত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব হাফলং সমষ্টিৰ দুটা কেন্দ্ৰত

এই কেন্দ্ৰ দুটাত মুঠ ভোটাৰৰ সংখ্যা হৈছে ৭০৬ গৰাকী । ইয়াৰ ভিতৰত মুলদাম নিম্ন প্ৰাথমিক বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰৰ সংখ্যা হৈছে ৬১৬ জন আৰু খটলিয়াৰ নিম্ন প্ৰাথমিক বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰৰ সংখ্যা হৈছে ৯০ গৰাকী । এইবাৰ খটলিয়াৰ নিম্ন প্ৰাথমিক বিদ্যালয়ক মুলদাম নিম্ন প্ৰাথমিক বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰৰ সহযোগী ভোটগ্ৰহণ কেন্দ্ৰ হিচাপে গঢ়ি তোলা হৈছিল ।

এই খটলিয়াৰ ভোটগ্ৰহণ কেন্দ্ৰতে ভোটগ্ৰহণৰ ক্ষেত্ৰত ব্যাপক বিসংগতিৰ সৃষ্টি হৈছিল । উল্লেখ্য যে, যোৱা ১ এপ্ৰিলত দ্বিতীয় পৰ্যায়ত হাফলং সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল । ১০৭(A) নং খটলিয়াৰ নিম্ন প্ৰাথমিক বিদ্যালয়ত মুঠ ভোটাৰৰ সংখ্যা আছিল ৯০ জন ।

কিন্তু এই কেন্দ্ৰটোত ভোটৰ সংখ্যা আছিল ১৮১টা । এই বিসংগতিৰ কথা পোহৰলৈ অহাৰ পিছতে ভোটগ্ৰহণ কেন্দ্ৰটোত নিয়োজিত পাঁচ জন প'লিং বিষয়াক ডিমা হাছাও জিলাৰ জিলা উপায়ুক্ত তথা জিলা ৰিটাৰ্ণিং বিষয়া পল বৰুৱাই নিলম্বন কৰে । ইয়াৰ পিছতে এই কেন্দ্ৰ দুটাত অহা ২০ এপ্ৰিলত পুনৰ ভোটগ্ৰহণৰ অনুষ্ঠিত কৰিবলৈ নিৰ্বাচনী আয়োগে নিৰ্দেশ দিয়ে ।

লগতে পঢ়ক:কোকৰাঝাৰত কৰ'ণাত আক্ৰান্ত এগৰাকী শিক্ষয়িত্ৰী

ABOUT THE AUTHOR

...view details