ডিমা হাচাও,13 মাৰ্চ: শনিবাৰে ভোটদাতাৰ মাজত সজাগতা সৃষ্টিৰ বাবে নিৰ্বাচন আয়োগৰ ফালৰ পৰা হাফলং চহৰত এক কাৰ্যসূচী হাতত লোৱা হয় । ইয়াৰ বাবে আৰ জে দানভি হোজাইক কেম্পাছ এম্বেছাদৰ হিচাপে নিযুক্তি দিয়া হৈছে । চহৰখনৰ মাজ-মজিয়াত থকা সাপ্তাহিক বজাৰত ৰাইজে ভোটদানৰ ক্ষেত্ৰত কিদৰে আগবাঢ়িব লাগে, ইভিএমৰ জৰিয়তে কিদৰে ভোট প্ৰদান কৰা হয়, সেই বিষয়ে ভোটাৰসকলৰ মাজত সজাগতা অনাৰ প্ৰয়াস কৰা হয় ৷
হাফলঙত ভোটাৰৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস - ইভিএম
গণতন্ত্ৰৰ বাবে ভোট প্ৰদান কৰাটো ৰাইজৰ প্ৰধান কৰ্তব্য । ভোটদানৰ ক্ষেত্ৰত ভোটাৰৰ মাজত সজাগতা অনাৰ বাবে হাফলঙত কাৰ্যসূচী হাতত লৈছে নিৰ্বাচন আয়োগে ।

হাফলঙত ভোটদানৰ ক্ষেত্ৰত ৰাইজৰ মাজত সজাগতা অনাৰ প্ৰয়াস
এই কাৰ্যসূচীত উপস্থিত থাকে হাফলং সমষ্টিৰ কেম্পাছ এম্বেছাদৰ আৰ জে দানভি, হোজাইৰ তথ্য আৰু জনসংযোগ বিষয়া পূৰবী ফংলোৰ লগতে নিৰ্বাচনৰ যাৱতীয় কাম-কাজত নিয়োগ কৰা কৰ্মীসকল ৷