ডিমা হাছাও 23 অক্টোবৰঃ ক’ৰণা মহামাৰীৰ আতংকৰ মাজতে হাফলংত অনুষ্টুপীয়াকৈ দুৰ্গা পূজা পালন। আজি সপ্তমী কিন্তু পূজাক কেন্দ্ৰ কৰি ৰাইজৰ মাজত নাই উচ্ছাহ উদ্দীপনা। এফালে ক’ৰণা মহামাৰীৰ আতংক আনফালে বৰষুণৰ বাবে দুৰ্গা পূজাৰ উদ্দীপনা একেবাৰে ম্লান কৰি পেলাইছে।
চৰকাৰী নীতি নিৰ্দেশনা পালন কৰি হাফলঙত মন্দিৰ আৰু স্থায়ী মণ্ডপতেই পূজা অনুষ্ঠিত কৰা হৈছে । সকলোতে ক’ভিড-19ৰ প্ৰট'কল মানি পূজা অনুষ্ঠিত কৰিছে পূজা কমিটি সমূহে। প্ৰথম দিনাই পূজা দৰ্শনাৰ্থীৰ সংখ্যা একেবাৰেই নগন্য।