অসম

assam

হাফলঙত গোপীনাথ বৰদলৈৰ স্মৃতিস্তম্ভ নিৰ্মাণৰ দাবী

By

Published : Aug 6, 2021, 4:59 PM IST

হাফলঙত থকা ৰাজীৱ ভৱনত কংগ্ৰেছ কৰ্মীসকলে গোপীনাথ বৰদলৈৰ মৃত্যু দিৱস পালন কৰাৰ লগতে তেখেতৰ স্মৃতিত বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰে । হাফলং চহৰৰ যি ঠাইত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ স্মৰণত এই বিদ্যালয় আছিল এই ঠাইত গোপীনাথ বৰদলৈৰ স্মৰণত স্মৃতিস্তম্ভ নিৰ্মাণ কৰাৰ দাবী তোলে প্ৰাক্তন বিধায়ক সমৰজিৎ হাফলংবাৰে ।

Haflong
হাফলঙত গোপীনাথ বৰদলৈৰ স্মৃতিস্তম্ভ নিৰ্মাণৰ দাবী

ডিমা হাছাও, ৬ আগষ্ট : ৫ আগষ্টত ৰাজ্যজুৰি পালন কৰা হৈছে ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ (Gopinath Bardoloi) মৃত্যু তিথি । এইবাৰ ৰাজ্য চৰকাৰে প্ৰথমবাৰলৈ'কৰ্মচাৰী দিৱস' (Karmachari divas) হিচাপে পালন কৰিছে বিশিষ্ট ব্যক্তিগৰাকীৰ মৃত্যু তিথি । সমগ্ৰ ৰাজ্যৰ লগতে ডিমা হাছাও জিলাৰ ভিন্ন প্ৰান্ততো উদযাপন কৰা হয় এই দিৱস ।

হাফলঙত থকা ৰাজীৱ ভৱনতো (Rajiv Bhaban) কংগ্ৰেছ কৰ্মীসকলে গোপীনাথ বৰদলৈৰ মৃত্যু দিৱস পালন কৰাৰ লগতে তেখেতৰ স্মৃতিত বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰে । কিন্তু এই বিশেষ দিনটোতে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে প্ৰাক্তন বিধায়ক তথা কংগ্ৰেছ নেতা সমৰজিৎ হাফলংবাৰে (Samarjit Haflongbar) ।

হাফলঙত গোপীনাথ বৰদলৈৰ স্মৃতিস্তম্ভ নিৰ্মাণৰ দাবী

তেওঁৰ মতে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ বাবেই ষষ্ঠ অনুসূচীৰ (Sixth Schedule) মৰ্যাদা লাভ কৰিছে । কিয়নো সেই সময়ত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আছিল সংবিধান চাব কমিটীৰ অধ্যক্ষ ।

আনহাতে, বৰ্তমান উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ এতিয়া চলিয়া আছে ষষ্ঠ অনুসূচীৰ অধীনত । কিন্তু ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈক এতিয়া কোনেও স্মৰণ নকৰে বুলি ক্ষোভ ব্যক্ত কৰে প্ৰাক্তন বিধায়ক সমৰজিৎ হাফলংবাৰে । তেওঁ কয় যে, হাফলং চহৰত ভাৰতৰত্ন গোপীনাথ বৰদলৈৰ নামত এখন অসমীয়া মাধ্যমৰ বিদ্যালয় আছিল ।

এই বিদ্যালয়খন উঠাই দিয়ে পাৰ্বত্য পৰিষদত থকা বৰ্তমানৰ বিজেপি চৰকাৰে । সেয়েহে হাফলং চহৰৰ যি ঠাইত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ স্মৰণত এই বিদ্যালয় আছিল এই ঠাইত গোপীনাথ বৰদলৈৰ স্মৰণত স্মৃতিস্তম্ভ নিৰ্মাণ কৰাৰ দাবী তোলে প্ৰাক্তন বিধায়ক গৰাকীয়ে ।

হাফলং সমষ্টিৰ বিধায়িকা তথা উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ অধীনত থকা শিক্ষা বিভাগৰ কাৰ্যবাসী সদস্যা নন্দিতা গাৰ্লোচা আৰু ৰাজ্য চৰকাৰক এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ দাবী জনায় নেতাগৰাকীয়ে ।

লগতে পঢ়ক :অসম আৰু মেঘালয়ৰ সীমা সমস্যা সন্দৰ্ভত মুখমন্ত্রীৰ গুৰুত্বপূৰ্ণ বৈঠক

ABOUT THE AUTHOR

...view details