ডিমা হাছাও, 11 ফেব্ৰুৱাৰীঃডিমা হাছাও জিলাক দ্বি-খণ্ডিত কৰি দুখন পৃথক জিলা গঠনৰ দাবীত, এন.চি হিলচ ইণ্ডিজিনাচ পিপলচ ফৰামে আহ্বান কৰা অনিৰ্দিষ্টকালীন বন্ধত আজি পুৱাৰে পৰা ৰণক্ষেত্ৰলৈ পৰিণত হয় হাফলং চহৰ ৷ হাফলঙৰ বিভিন্ন ঠাইত আৰক্ষী আৰু বন্ধ সমৰ্থককাৰীৰৰ মাজত সূত্ৰপাত হয় সংঘৰ্ষৰ ৷
ৰণক্ষেত্ৰলৈ পৰিণত হাফলং চহৰ
এন.চি হিলচ ইণ্ডিজিনাচ পিপলচ ফৰামে আহ্বান কৰা অনিৰ্দিষ্টকালীন বন্ধত ৰণক্ষেত্ৰলৈ পৰিণত হয় হাফলং চহৰ ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰাৰ লগতে নিক্ষেপ কৰে কন্দুৱা গেছ ৷
হাফলং চহৰ
বন্ধ সমৰ্থককাৰী সকলে হাফলং মহাদেৱ টিলাত আৰক্ষীৰ বাহনত আক্ৰমণ কৰে ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে কন্দুৱা গেছ নুক্ষেপ কৰাৰ লগতে শূন্যলৈ গুলীচালনা কৰে, যাৰ ফলত আহত হয় কেইবাগৰাকীও বন্ধ সমৰ্থনকাৰী ৷
লগতে পঢ়ক ঃ মাৰ্ঘেৰিটাত ভয়ংকৰ পথ দুৰ্ঘটনা