অসম

assam

ETV Bharat / state

ধৰ্ষণকাৰীক তীব্ৰ গৰিহণা ডিমা হাছাও মুছলিম ওৱেলফেয়াৰ চ'ছাইটিৰ - ডিমা হাছাও

হাফলংত সংঘটিত হোৱা 16 বছৰীয়া যুৱতীক ধর্ষণৰ ঘটনাক তীব্ৰ গৰিহণা ডিমা হাছাও মুছলিম ওৱেলফেয়াৰ চ'ছাইটিৰ ৷ ধর্ষণৰ ঘটনাত জড়িত অকতাৰ খানৰ কঠোৰ শাস্তিৰো দাবী সংগঠনটোৰ

ধৰ্ষণকাৰীক তীব্ৰ গৰিহণা ডিমা হাছাও মুছলিম ওয়েলফিয়াৰ চোঁচাইটিৰ

By

Published : Aug 24, 2019, 9:40 AM IST

Updated : Aug 24, 2019, 1:57 PM IST

ডিমা হাছাও, 24 আগষ্টঃ হাফলংত সংঘটিত হোৱা 16 বছৰীয়া যুৱতীক ধর্ষণৰ ঘটনাক তীব্ৰ গৰিহণা ডিমা হাছাও মুছলিম ওৱেলফেয়াৰ চ'ছাইটিৰ ৷ শুকুৰবাৰে হাফলংত সংবাদমেল পাতি মুছলিম ওৱেলফেয়াৰ চ'ছাইটিৰ সভাপতি চামচুল অলমে কয় যে ধর্ষণৰ অভিযুক্ত অকতাৰ খান ওৰফে বাপন খানক মুছলিম সমাজৰ পৰা বহিস্কাৰ কৰা হৈছে ৷ উক্ত সংবাদমেলতে চামচুল অলমে যোৱা দেওবাৰে হাফলং চহৰত 16 বছৰীয়া যুৱতীৰ লগত হোৱা ধর্ষণৰ ঘটনাত জড়িত অকতাৰ খানৰ কঠোৰ শাস্তিৰো দাবী জনায় ৷ ইয়াৰ লগতে এই ঘটনাৰ লগত জড়িত ধর্ষণকাৰীক দুই ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰাৰ কাৰণে হাফলং আৰক্ষীকো ধন্যবাদ জনায় ৷

ধৰ্ষণকাৰীক তীব্ৰ গৰিহণা ডিমা হাছাও মুছলিম ওয়েলফিয়াৰ চোঁচাইটিৰ
সংবাদমেলত চামচুল অলমে আৰু কয় যে কেতিয়াবা যদি অকতাৰ খান জেলৰ পৰা মুক্তি লাভ কৰে তাৰ পিছত এই লম্পটক ডিমা হাছাও জিলাৰ পৰা বহিস্কাৰ কৰা হ’ব ৷ ধর্ষণকাৰীক মুছলিম সমাজে কোন ধৰণৰ সাহায্য সহযোগিতা নকৰে ৷ আনহাতে অকতাৰ খানৰ পিতৃয়েও নিজৰ লৰাৰ এই কুকৰ্মৰ কাৰণে কঠোৰ শাস্তিৰ দাবী জনায় ৷
Last Updated : Aug 24, 2019, 1:57 PM IST

ABOUT THE AUTHOR

...view details